ভয়ংকৰ! ব্ৰেক বিকল হৈ যাত্ৰীবাহী বাছত প্ৰচণ্ড খুন্দা ট্ৰাকৰ, ৪ জনৰ মৃত্যু

নিউজ ডেস্কঃ ব্ৰেক বিকল হৈ পৰা ট্ৰাকে পিছফালৰ পৰা এখন যাত্ৰীবাহী বাছত প্ৰচণ্ড জোৰে খুন্দা মৰাত মৃত্যুক সাৱটি লয় ৪ জনকৈ বাছ যাত্ৰীয়ে।

দেওবাৰে পুৱতি নিশা এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় মহাৰাষ্ট্ৰৰ পুনেৰ নৰহে আম্বেগাঁও অঞ্চলৰ মুম্বাই-বেংগালুৰু ঘাইপথত।

জানিব পৰা মতে, কলহাপুৰৰ পৰা মুম্বাইলৈ গৈ থকা যাত্ৰীবাহী বাছখনৰ পিছতে এখন চেনীৰ বস্তা কঢ়িওৱা ট্ৰাকে প্ৰচণ্ড জোৰে খুন্দা মাৰে।

ভয়ংকৰ দুৰ্ঘটনাটোত দুয়োখন বাহন ক্ষতিগ্ৰস্থ হোৱাৰ লগতে বাছখনৰ ৪ জন যাত্ৰীৰ থিতাতে মৃত্যু ঘটে।

দুৰ্ঘটনাটোত ট্ৰাকখনৰ চালক আৰু সহায়কসহ ১৯ জন লোক গুৰুতৰভাৱে আহত হয়।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনাত নিহত সকলৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।