অৱশেষত গ্ৰেপ্তাৰ খালিস্তানী নেতা অমৃতপাল সিং! বিশেষ বিমানযোগে অনা হ’ল ডিব্ৰুগড়ৰ কাৰাগাৰলৈ…

নিউজ ডেস্কঃ অৱশেষত অন্ত পৰিল প্ৰায় এমাহজোৰা এখন ৰুদ্ধশ্বাস নাটকৰ।

পঞ্জাৱত গ্ৰেপ্তাৰ খালিস্তানী বিচ্ছিন্নতাবাদী নেতা অমৃতপাল সিং।

পঞ্জাৱৰ মোগা জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় খালিস্তানী নেতাজনক।

ইফালে পঞ্জাৱ আৰক্ষী আৰু চোৰাংচোৱা সংস্থাৰ অভিযানত গ্ৰেপ্তাৰৰ পিছতে বিশেষ বিমানযোগে ডিব্ৰুগড়লৈ অনা হয় অমৃতপাল সিঙক।

খালিস্তানী নেতাজনক ডিব্ৰুগড়ৰ কাৰাগাৰলৈ অনাৰ পৰিপ্ৰেক্ষিতত গঢ়ি তোলা হয় কটকটীয়া নিৰাপত্তা।

উল্লেখ্য যে, সম্প্ৰতি ডিব্ৰুগড় কাৰাগাৰত আছে ৯ খালিস্তানী নেতা।

এতিয়া কাৰাগাৰত ১০জনলৈ বৃদ্ধি পাব খালিস্তানী নেতাৰ সংখ্যা।

ইতিমধ্যে ৫৭টা চিচি কেমেৰা সংযুক্ত হৈ থকা কাৰাগাৰ চৌহদত নতুনকৈ আৰু ১২টা কেমেৰা সংযুক্ত কৰা হৈছে।