নিউজ ডেস্কঃ সৰুতেই চাগে আপুনিও শহাপহু আৰু কাছৰ সেই কাহিনীটো পঢ়িছে, য’ত দৌৰ প্ৰতিযোগিতাত শহাপহুক চেৰ পেলাই বিজয়ী হয় কাছ।
এনে নাছিল যে শহাতকৈ কাছই বেগাই দৌৰিব পাৰিছিল। কাছ জয়ী হোৱাৰ একমাত্ৰ কাৰণ আছিল শহাপহুটোৰ এঘূমতি মাৰি লোৱাৰ হেঁপাহ। এই কাহিনীয়ে যুগ যুগ ধৰি শিশুক নৈতিক শিক্ষা প্ৰদান কৰি আহিছে।
কিন্তু এইবাৰ যেন বাস্তৱত প্ৰমাণিত হ’ল শহাপহু আৰু কাছৰ সেই কাল্পনিক কাহিনী।
চৰকাৰী বিভাগৰ নিযুক্তি পৰীক্ষাৰ সময়ত কেৱল এঘূমতি মাৰি লোৱাৰ ইচ্ছাৰ বাবেই লক্ষ্যত উপনীত হোৱাৰ একেবাৰে কাষত উপস্থিত হৈও চাকৰি হেৰুৱাবলগীয়া হ’ল এজন যুৱকে।
এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত। ৰাজ্যখনৰ খাণ্ডৱাত অনুষ্ঠিত বনৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ সময়ত সংঘটিত হয় এই অদ্ভূত ঘটনা।
দৰাচলতে বন বিভাগৰ শাৰীৰিক পৰীক্ষাত ৪ ঘণ্টাত ২৪ কিলোমিটাৰ খোজ কঢ়াৰ নিৰ্দেশ দিয়া হৈছিল প্ৰাৰ্থীসকলক। এই নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৰাজ্যখনৰ মুঠ ৬১ গৰাকী প্ৰাৰ্থীয়ে।
এটা চৰকাৰী চাকৰিৰ বাবে অপেক্ষা কৰি থকা গোৱালিয়ৰৰ নিৱাসী পাহাড় সিঙো অৱতীৰ্ণ হৈছিল বন বিভাগৰ এই নিযুক্তি পৰীক্ষাত।
পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা এই শাৰীৰিক পৰীক্ষাত সকলোতকৈ আগত আছিল পাহাড় সিং।
নিৰ্ধাৰিত সময়তকৈ অধিক আগতেই তেওঁ উপস্থিত হৈছিল ফিনিচিং লাইনৰ সমীপত। কিন্তু সেই সময়তে তেওঁৰ অধিক আত্মবিশ্বাসী শহাপহুটোৰ দৰে টোপনি মাৰিবলৈ মন গ’ল।
বাকী প্ৰাৰ্থীসকল এতিয়াও বহু পিছ পৰি ৰোৱাত পথৰ দাঁতিতে অলপ জিৰাই লোৱাৰ সিদ্ধান্ত ল’লে যুৱকজনে।
কিন্তু পিছত ৬১ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৬০ জনেই ফিনিচিং লাইনত উপস্থিত হোৱাত সন্ধানহীন পাহাড় সিঙক বিচাৰি অভিযান আৰম্ভ কৰে বন বিভাগৰ লোকে।
যাৰ পিছত ফিনিচিং লাইনৰ নাতিদূৰৈত থকা চেক পইণ্টৰ সমীপত নিদ্ৰাৰত অৱস্থাত যুৱকজনক প্ৰত্যক্ষ কৰে বনকৰ্মীয়ে।
পাহাড় সিঙে টোপনিৰ পৰা সাৰ পাই দেখে যে তেতিয়ালৈকে সম্পন্ন হৈছিল এই নিযুক্তি পৰীক্ষা। অলপ জিৰণি লোৱাৰ ইচ্ছা পূৰণ কৰিবলৈ গৈ এনেদৰে বন বিভাগৰ চাকৰি হেৰুৱাবলগীয়া হয় পাহাড় সিঙে।
পাহাড় সিঙে সাৰ পাই কৰ্তৃপক্ষক জনোৱা মতে ভৰিৰ আঘাতৰ বাবে তেওঁ কিছু সময় জিৰণি ল’বলৈ বহিছিল আৰু কেতিয়া টোপনি আহিছিল তাৰ কোনো ধাৰণা নাছিল।
এই ঘটনাই সোঁৱৰাই দিয়ে যে সফলতা লাভ কৰিবলৈ অধ্যৱসায় আৰু একাগ্ৰতা প্ৰয়োজন আৰু অতি আত্মবিশ্বাস যে নিজৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰত বাধা হ’ব পাৰে সেয়াও এই ঘটনাই সোঁৱৰাই দিছে।