এই দৃশ্য সঁচাকৈয়ে বৰ বিৰল আৰু আবেগিক!
১৪ মে’ৰ সন্ধিয়া ছয়গাঁৱৰ ব’হাগ বিহুৰি সাংস্কৃতিক অনুষ্ঠানলৈ সংগীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ কৰা হৈছিল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীক।
ইটোৰ পিছত সিটো সুমধুৰ গীতত সুৰৰ ৰাগ টানি দৰ্শকক মোহাৱিষ্ট কৰি ৰাখিবলৈ সক্ষম হৈছিল কণ্ঠশিল্পীগৰাকীয়ে। প্ৰতিটো গীতৰ অন্তত দৰ্শকৰ শাৰীৰ পৰা ভাঁহি আহিছিল আনন্দৰ কিৰিলি, হৰ্ষোল্লাস, হাত চাপৰি।
মঞ্চৰ কাষতে থিয় হৈ বিহুৰ আনন্দত গীতৰ তালে তালে নাচিছিল একাংশই। বাৰে বাৰে কণ্ঠশিল্পীলৈ দাবী আহিছিল- আৰু এটা গীত… আৰু এটা গীত..।
সময় তেতিয়া পুৱতি নিশা প্ৰায় ৩.৫০ বাজিছিল। অনুষ্ঠান সামৰাৰ সময় কেতিয়াবাই পাৰ হৈছিল। কিন্তু দৰ্শকৰ মৰমৰ দাবীক অগ্ৰাহ্য কৰা যায়েইবা কেনেকৈ!
সেয়ে বাধ্য হৈ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে মন মেলিছিল আৰু ২-৩টা গীত পৰিৱেশন কৰাৰ।
মঞ্চৰ পৰা যেতিয়া তেওঁ অনুষ্ঠানৰ অন্তিমটো গীতৰ লহৰ তুলিছিল, তেতিয়াই ঘটিছিল সেই মিঠা ঘটনাটো।
এক ভাললগা মুহূৰ্তৰ সাক্ষী হৈ পৰিছিল ছয়গাঁৱৰ সেই বিহুৰ মঞ্চখন। শিল্পী আৰু দৰ্শকৰ নিবিড় সম্বন্ধক জীপাল কৰি তুলিছিল এটা মুহূৰ্তই।
অৰুন্ধতী ভানুপ্ৰিয়া। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলৰ অন্যতম এগৰাকী তেঁৱো। যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সহযোগী শিল্পী হিচাপে তেওঁ প্ৰায় দুবছৰ গীত গাই অসমীয়াৰ হৃদয়ত ঘৰ সাজিছিল।
হাঁহিমুখীয়া কণ্ঠশিল্পীগৰাকীৰ গীতৰ লহৰে লহৰে উটি যাব পাৰে শ্ৰোতা। মঞ্চত তেওঁৰ গীত আৰু কথাই ওৰে নিশা মোহাচন্ন কৰি ৰাখিব পাৰে সন্মুখৰ দৰ্শকক।
ব’হাগৰ বতৰত ইখনৰ পিছত সিখন মঞ্চত সংগীত পৰিৱেশন কৰি দৰ্শকৰ হৃদয় জিনিছে অৰুন্ধতীয়ে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিদিনেই তেওঁ গাঁঠি গৈছে সুৰৰ মায়াজাল।
১৪ মে’ত ছয়গাঁৱত অনুষ্ঠিত ব’হাগ বিহুৰ সাংস্কৃতিক অনুষ্ঠানৰ আকৰ্ষণ আছিল অৰুন্ধতী ভানুপ্ৰিয়া। সন্ধিয়াৰ পৰাই তেওঁ দৰ্শকৰ ফৰমাইচ পূৰণ কৰি গাইছিল ইটোৰ পিছত সিটো জনপ্ৰিয় গীত।
শেষ নিশা যেতিয়া মঞ্চৰ পৰা নামি অহাৰ সময় হৈছিল, তেতিয়াই দৰ্শকে দাবী কৰিছিল- আৰু গীত গাওক।
যাৰ বাবে তেওঁ ইমান জনপ্ৰিয়, তেনে দৰ্শকক দাবীক অগ্ৰাহ্য কৰাৰ ধৃষ্টতা কোনো শিল্পীয়েই কৰিব নোৱাৰে। নোৱাৰিলে অৰুন্ধতীয়েও।
তেতিয়া দৰ্শকৰ শাৰীত বহি থকা অধিকৰে চকুত চিলমিল টোপনি। প্ৰতিটো নিশাই সংগীতানুষ্ঠান পৰিৱেশন কৰি ভাগৰুৱা হৈ পৰা বাদ্যযন্ত্ৰীৰ হাত লাহে লাহে অচল হৈ পৰিব ধৰিছিল।
মঞ্চৰ সন্মুখত তেতিয়াও কেইজনমান যুৱকে সেই নিশাটোক বুকুত সামৰি লোৱাৰ প্ৰচণ্ড হেঁপাহেৰে বাট চাই আছিল আৰু এটা গীতলৈ।
গাইছিল অৰুন্ধতীয়ে। প্ৰাণঢালি গাইছিল আৰু এটা গীত- ‘দিখৌ নৈ এৰিব নোৱাৰো…’
গীতৰ তালে তালে নাচিছিল মঞ্চৰ সন্মুখত যুৱক কেইজনমানে। সেই নাচে প্ৰাণস্পদ কৰি তুলিছিল ব’হাগৰ শেষ ৰাতিৰ টোপনিয়ে অলস কৰি তোলা মঞ্চখন। নাচিবলৈ মন গৈছিল অৰুন্ধতীৰো।
অৰুন্ধতী যেতিয়া মঞ্চৰ সন্মুখত ঠিয় হৈছিল, সেই সময়তে অতপৰে তেওঁলৈ অপলক দৃষ্টিৰে চাই থকা এজন যুৱকে ভৰি দুখন চুব বিচাৰে। এগৰাকী শিল্পীক চুই চোৱাৰ যি দুৰন্ত হেঁপাহ এগৰাকী অনুৰাগীৰ থাকে, ঠিক তেনে হেঁপাহেৰেই…।
খৰখেদাকৈ অকণমান আঁতৰি মঞ্চৰ ওপৰতে বহি পৰে অৰুন্ধতী… যুৱকজনলৈ তেওঁ হাতখন আগবঢ়াই দিয়ে।
এই মুহূৰ্তত আন বহুতে শিল্পীগৰাকীৰ হাতখন ধৰি নকৰিবলগীয়া আচৰণ কৰিলেহেঁতেন… শিল্পীগৰাকীক আৰু অলপ কাষলৈ চপাই আনিবলৈ চেষ্টা কৰিলেহেঁতেন… মঞ্চৰ পৰা টানি তললৈ নমাই আনিব পাৰিলেহেঁতেন… অথবা হাতখন জোৰেৰে খামুচি নিজৰ ওঁঠত লগাই চুমা খোৱাৰ চেষ্টা কৰিব পাৰিলেহেঁতেন।
কিন্তু যুৱকজনে তেনে কোনো কামেই কৰা নাছিল। অৰুন্ধতীয়ে আগবঢ়াই দিয়া হাতখন অতি আলফুলে দুহাতেৰে খামুচি গীত শেষ হোৱালৈকে মূৰৰ ওপৰত ধৰি থাকিল সেই যুৱকজনে।
যেন.. যেন অৰুন্ধতীৰ হাতখনৰ পৰা একাঁজলি আশীৰ্বাদহে তেওঁ বিচাৰিছে… যেন তেওঁৰ মূৰৰ ওপৰত পৰি থকা দুখৰ বৰষুণ এজাক ৰুধিবলৈ হাতখন তেওঁ ছাটি কৰি ল’ব বিচাৰিছে!
গীত শেষ হোৱাৰ পিছত অৰুন্ধতীয়ে যুৱকজনৰ নাম সুধিলে। নাম তেওঁৰ নীলোৎপল চৌধুৰী। ঘৰ পাঠশালাৰ ফালে।
অৰুন্ধতীয়ে ধেমালি কৰিলে- ‘নীলোৎপল মোৰ প্ৰেমত পৰিল আৰু দেই… ঘৰত বাৰু বিয়া চিয়াৰ কথা চলি আছে, ডাঙৰো হৈছো নহয়… মাৰ লগত কথা পাতিব লাগিব… মোৰ কথা নাই।’
মুঠতে একেবাৰে হৃদয়স্পৰ্শী মুহূৰ্ত এটা। এগৰাকী সাধাৰণ দৰ্শক আৰু এগৰাকী শিল্পীৰ মাজৰ ধেমেলিয়া মুহূৰ্তটোৰ এটা সৰু ভিডিঅ’ টুকুৰা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
মঞ্চৰ সন্মুখৰ দৰ্শকৰূপী যুৱকজনৰ (নীলোৎপল চৌধুৰী যাৰ নাম) মহিলা শিল্পীগৰাকীৰ হাতখন আলফুলে মূৰৰ ওপৰত তুলি লোৱা আৰু শিল্পীগৰাকীয়ে যুৱকজনৰ সৈতে কৰা মাৰ্জিত ধেমালিৰ কথাই প্ৰাণ চুই গৈছে সকলোৰে।
অসমৰ বিহু মঞ্চত এই ঘটনা হয়তো এয়াই প্ৰথম!
ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে আমি কণ্ঠশিল্পী অৰুন্ধতী ভানুপ্ৰিয়াৰ সৈতে যোগাযোগ কৰিছিলো। জানিব বিচাৰিছিলো সেই মুহূৰ্তটোৰ তেওঁৰ মানসিক অৱস্থা।
বহুতে মন্তব্য কৰিছিল, মঞ্চৰ কাষত ঠিয় হৈ থকা যুৱকজনে হয়তো সুৰাপান কৰিছিল, অথবা ভাঙৰ নিচাত মাতাল আছিল। আমি অৰুন্ধতীৰ পৰা জানিব বিচাৰিছিলো এই বিষয়েও।
অৰুন্ধতীয়ে এফালৰ পৰা কৈ গৈছিল সেই দিনটোত ঘটা ভাললগা ঘটনাটোৰ বিষয়ে। কিদৰে দৰ্শকৰূপী যুৱকজনে তেওঁৰ ভৰি চুব বিচাৰিছিল… কিদৰে তেওঁ তাৰ পিছত হাতখন আগবঢ়াই দিছিল আৰু কিদৰে এগৰাকী বৈষ্ণৱ ভকতে ভাগৱতখন মূৰৰ ওপৰৰ তুলি ধৰাৰ দৰেই তেওঁৰ হাতখন আলফুলে মূৰত লগাই লৈছিল যুৱকজনে।
অৰুন্ধতীৰ মতে এই মুহূৰ্তটো তেওঁৰ বাবেও নতুন। হওতে এবাৰ মায়ঙত সংগীত পৰিৱেশন কৰাৰ সময়ত এজন যুৱকে তেওঁৰ গীতৰ তালে তালে বৰ ধুনীয়াকৈ নাচিছিল, কাষলৈ আগবাঢ়ি যাওতে ভৰি চুই সেৱা কৰিব বিচাৰিছিল। কিন্তু এনেদৰে এজন যুৱকে অলপো অভদ্ৰামি নকৰাকৈ তেওঁৰ হাতখন মূৰৰ ওপৰত তুলি লোৱাৰ অভিজ্ঞতা অৰুন্ধতীৰ বাবে একেবাৰে নতুন।
ভাৰতীয় সমাজত এগৰাকী যুৱতী আৰু পুৰুষৰ মাজত এখন নেদেখা দেৱাল থাকে। এই দেৱাল ভেদি কোনো এজন অচিনাকী যুৱকে কোনো যুৱতীৰ হাতখন স্পৰ্শ কৰিলে যুৱতীগকৰাকীয়ে অস্বস্তি অনুভৱ কৰে। এয়া স্বাভাৱিকো।
আমি অৰুন্ধতীক সুধিছিলো- যুৱকজনে তেওঁৰ হাতখন স্পৰ্শ কৰাত তেৱোঁ বাৰু অস্বস্তি অনুভৱ কৰিছিল নেকি?
অৰুন্ধতীয়ে উত্তৰ দিছিল- নাই, সেই সময়ত মোৰ মনলৈ ভয় বা সংকোচ একেবাৰে অহা নাছিল। যুৱকজনৰ আচৰণৰ ওপৰত যেন মোৰ বিশ্বাস আছিল। তেওঁ মোক মঞ্চৰ পৰা টানি নমাই নিব পাৰিলেহেঁতেন, মোৰ সতে অসৎ আচৰণ কৰিব পাৰিলেহেঁতেন। কিন্তু মোৰ মনে কৈছিল- তেওঁ তেনেকুৱা কোনো কাম নকৰে বুলি।
হয়, নকৰিলে, অৰুন্ধতীৰ সৈতে কোনো অসৎ আচৰণ যুৱকজনে নকৰিলে। সেয়ে এই বিশেষ মুহূৰ্তক লৈ আজি ধনাত্মক চৰ্চা হৈছে।
বিহুৰ বহু মঞ্চত দৰ্শক আৰু শিল্পীৰ মাজত কথাৰ কটাকটি ঘটা দেখা যায়। শিল্পীৰ সৈতে অভদ্ৰ আচৰণ কৰা দৰ্শকক টানকৈ ক’বলগীয়াও হয় শিল্পীয়ে।
কিন্তু এই সকলোবোৰৰ ব্যতিক্ৰম ছয়গাঁৱৰ বিহু মঞ্চৰ এই বিশেষ মুহূৰ্তত যেন পৰিষ্ফুট হৈ পৰিল দৰ্শক আৰু শিল্পীৰ নিবিড় সম্পৰ্ক।
শিল্পীক সন্মান দিলে শিল্পীয়েও দৰ্শকৰ সৈতে মাৰ্জিত আৰু ভাললগা ধেমালি কৰে, অৰুন্ধতী যেন তাৰেই উদাহৰণ।
আমি অৰুন্ধতীক সুধিছিলো- নীলোৎপলক আকৌ কেতিয়াবা লগ পাবৰ মন আছে নে? অৰুন্ধতীয়ে হাঁহি হাঁহি উত্তৰ দিছিল- আছে। লগ পালে আমি কথা নিশ্চয় হম। কিন্তু মঞ্চত কৰা সেই ধেমালি কেৱল ধেমালিয়েই আছিল। অনুৰাগী হিচাপে তেওঁক মই মনত ৰাখিব বিচাৰো।
এনে মুহূৰ্ত সঁচাই আমি মনত ৰখা ভাল। বিহু মঞ্চৰ এনে মধুৰ মুহূৰ্তই কাৰো অন্তৰত আঘাত নিদিয়ে, কাকো আহত নকৰে। এনে মুহূৰ্তই কেৱল শিল্পী আৰু দৰ্শকৰ সম্পৰ্কক অধিক নিবিড় কৰি তোলে। এই কথা প্ৰমাণ কৰে যে দৰ্শক অবিহনে শিল্পীৰ অস্তিত্বই শূণ্য।
সেইদিনা নীলোৎপল নামৰ যুৱকজনে কিবা নিচা কৰিছিল নে নাই সেয়া আমি কোনেও নাজানো। নাজানে অৰুন্ধতীয়েও। কিন্তু তেওঁ কেৱল জানে যে দৰ্শক যদি নীলোৎপলৰ দৰে হয়, তেন্তে শিল্পীয়ে মুক্তমনে গীত গোৱাৰ সাহয় পায়।
সেয়ে এনে এটি মুহূৰ্ত উপহাৰ দিয়াৰ বাবে ছয়গাঁওবাসীকো ধন্যবাদ জনায় অৰুন্ধতীয়ে।