ডা০ সৰিতা তছনিৱাল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান! দোষী সাব্যস্ত ৱাৰ্ড বয় কিৰো মেছ, চিকিৎসক ডা০ দীপমণি শইকীয়াক দোষমুক্ত ঘোষণা আদালতৰ…

নিউজ ডেস্কঃ সুদীৰ্ঘ ৯ বছৰৰ পিছত প্ৰদান কৰা হ’ল ডা০ সৰিতা তছনিৱাল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান।

ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতে প্ৰদান কৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰতে হত্যাৰ বলি হোৱা মহিলা চিকিৎসকগৰাকীৰ হত্যাকাণ্ডৰ ৰায়দান।

আদালতে ডা০ সৰিতা তছনিৱাল হত্যাকাণ্ডত দোষী সাব্যস্ত কৰে ৱাৰ্ড বয় কিৰো মেছক।

আনহাতে হত্যাৰ আন এগৰাকী অভিযুক্ত ডা০ দীপমণি শইকীয়াক দোষমুক্ত ঘোষণা কৰে ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতে।

উল্লেখ্য যে, ২০১৪ চনৰ ৯ মে’ত অসম চিকিৎসা মহাবিদ্যালয়ৰ আইচিইউত উদ্ধাৰ হৈছিল হাস্পতালখনৰ চিকিৎসক ডা০ সৰিতা তছনিৱালৰ মৃতদেহ।

অস্ত্ৰোপচাৰ সম্পন্ন কৰা ছুৰীৰে ডিঙিত আঘাত কৰি চিকিৎসকগৰাকীক হত্যা কৰাৰ পিছত আইচিইউৰ বিচনাত শুৱাই থৈছিল মৃতদেহ।

আনহাতে ৱাৰ্ড বয় কিৰো মেছৰো শৰীৰত আঘাতৰ চিন প্ৰত্যক্ষ হোৱাত আৰক্ষীয়ে ৱাৰ্ড বয়জনক আটক কৰি তদন্ত আৰম্ভ কৰে।

ইয়াৰ পিছতে আৰক্ষীয়ে কিৰো মেছৰ বঙালগাঁওস্থিত শহুৰেকৰ ঘৰৰ পৰা সৰিতা তছনিৱালৰ মোবাইল ফোনটো উদ্ধাৰ কৰাৰ লগতে এএমচিএইচৰ পিছফালে থকা চাহ বাগানৰ পৰা চিমখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ইফালে পৰৱৰ্তী সময়ত কিৰো মেছৰ স্বীকাৰোক্তিৰ ভিত্তিত ডা০ দীপমণি শইকীয়াকো গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখে আৰক্ষীয়ে।

প্ৰায় ৬৫ গৰাকী সাক্ষ্যৰ ভাষ্য গ্ৰহণ কৰাৰ পিছত সুদীৰ্ঘ ৯ বছৰৰ অন্তত অৱশেষত এই লোমহৰ্ষক হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান প্ৰদান কৰি কিৰো মেছক দোষী সাব্যস্ত কৰে আদালতে।