পৰকীয়া প্ৰেমৰ পৰিণতি! ডাবল মাৰ্ডাৰ সংঘটিত কৰি থানাত আত্মসমৰ্পণ স্বামীৰ

নগাঁও, ২১ মে’: পৰকীয়া প্ৰেমে ৰূপ ল’লে ডাবল মাৰ্ডাৰৰ! নগাঁৱৰ কামপুৰত বিবাহ বহিৰ্ভূত প্ৰেমৰ বাবে দুটাকৈ জীৱন নাশ কৰিলে স্বামীয়ে। কামপুৰৰ পাচনিঝাৰ অঞ্চলত স্বামী জয়কান্ত দাসে চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰে পত্নী আৰু টেট শিক্ষক প্ৰেমিকক। ইফালে ঘটনাৰ পিছতে নিজে কামপুৰ থানালৈ গৈ আত্মসমৰ্পণ কৰে।

কামপুৰৰ পাচনিঝাৰ অঞ্চলত সংঘটিত হৈছে এই ভয়াবহ ঘটনা। জানিব পৰা মতে, জয়কান্ত দাসে বহুদিনৰ পৰা পত্নীক বিবাহ বহিৰ্ভূত প্ৰেমৰ সন্দেহ কৰিছিল। টেট শিক্ষক ভাস্কৰ নাথৰ সৈতে তেওঁৰ পত্নীৰ সম্পৰ্ক আছিল। ঘটনাৰ দিনা জয়কান্তই তেওঁৰ পত্নী আৰু ভাস্কৰ নাথক একেলগে ভাড়াঘৰত প্ৰত্যক্ষ কৰে। তাৰ পিছতে ক্ষুব্ধ হৈ তেওঁ চোকা অস্ত্ৰৰে দুয়োজনকে আক্ৰমণ কৰি হত্যা কৰে। মৃত ভাস্কৰ নাথৰ ঘৰ মঙলদৈত।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী লগে লগে সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে জয়কান্ত দাসক জিম্মাত লৈ জেৰা আৰম্ভ কৰিছে। এই নৃশংস ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজে জনোৱা মতে, এনে ঘটনাই অঞ্চলটোৰ শান্তিপূৰ্ণ পৰিৱেশত গভীৰ প্ৰভাৱ পেলাইছে।

Leave a Comment