নিউজ ডেস্কঃ কিছুদিনৰ বিৰতিৰ পিছত ৰাজ্যত পুনৰ ঘোচ কাণ্ড।
এইবাৰ ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল জলসিঞ্চন বিভাগৰ এগৰাকী সহকাৰী অভিযন্তা।
ঘোচখোৰ চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে এইবাৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান চলে বাক্সা জিলাৰ গোৰেশ্বৰ সংমণ্ডলৰ শুক্লাই চেৰফাং জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত।
Today @DIR_VAC_ASSAM trapped red handed Mridul Duari, Asstt. Engr, O/O the Executive Engineer, Suklai Serfang, Goreswar Division (Irri), Baksa after he accepted demanded bribe of Rs 20,000/- from the complainant for issuing work order @CMOfficeAssam @assampolice @surendrakr_ips pic.twitter.com/iSKbo18dbO
— Directorate of Vigilance & Anti-Corruption, Assam (@DIR_VAC_ASSAM) May 10, 2023
কাম কৰি দিয়াৰ বাবদ ২০ হাজাৰ টকাৰ উৎকোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ হয় কাৰ্যালয়টোৰ সহকাৰী অভিযন্তা।
ধৃত ঘোচখোৰ অভিযন্তাজনৰ নাম মৃদুল দুৱৰী।