মৰ্মান্তিক! দলঙৰ ৰেলিং ভাঙি তলত বাগৰি পৰিল যাত্ৰীবাহী বাছ, শিশু-মহিলাসহ ১৫ জনৰ মৃত্যু

নিউজ ডেস্কঃ চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত দলঙৰ ৰেলিং ভাঙি এখন যাত্ৰীবাহী বাছ এখন শুকান নদীত বাগৰি পৰাত ১৫ জন লোকৰ মৃত্যু ঘটে।

মঙলবাৰে পুৱা এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় মধ্যপ্ৰদেশৰ খাৰগণত।

এই দুৰ্ঘটনাত আন ২৫ জন লোকো আহত হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, যাত্ৰীবাহী বাছখনে ডঙাৰগাঁৱৰ সমীপৰ এখন দলঙৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ ফলত ৰেলিং ভাঙি তলত বাগৰি পৰে।

এই ভয়ংকৰ দুৰ্ঘটনাটোত নিহত সকলৰ ভিতৰত আছে শিশু আৰু মহিলাও।

দুৰ্ঘটনাৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ স্থানীয় ৰাইজৰ সহায়ত আহত সকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

প্ৰাথমিক তদন্তত বাছ চালকে টোপনি যোৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

মধ্যপ্ৰদেশ চৰকাৰে এই দুৰ্ঘটনাত শোক ব্যক্ত কৰি নিহত সকলৰ পৰিয়াললৈ ৪ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা কৰিছে।

সমান্তৰালভাৱে গুৰুতৰভাৱে আহত সকলক ৫০ হাজাৰ আৰু সামান্য আহত সকলক ২৫ হাজাৰ টকা প্ৰদানৰো ঘোষণা কৰিছে চৰকাৰে।