নিউজ ডেস্কঃ ভাৰতৰ বীৰ পুত্ৰক লৈ সদা গৌৰৱাম্বিত সমগ্ৰ ভাৰতবাসী। দেশৰ কঠিন পৰিস্থিতিত পৰিয়ালৰ পৰা শ শ মাইল দূৰত কৰ্তব্য সম্পাদন কৰি দেশ মাতৃৰ সুৰক্ষা সুনিশ্চিত কৰা ভাৰতৰ বীৰ জোৱানসকলৰ কথা ক’লেই গৰ্বত উফন্দি উঠে প্ৰতিজন ভাৰতীয়ৰ বুকু।
শেহতীয়াকৈ অপাৰেশ্যন সেন্দূৰৰ সময়তো শত্ৰুৰ বিৰুদ্ধে বীৰ সংগ্ৰাম কৰি আকৌ এবাৰ প্ৰতিজন দেশপ্ৰেমীৰ বুকুৰ আমঠু হৈ পৰিছে ভাৰতীয় জোৱানসকল। সেই অপাৰেশ্যন সেন্দূৰৰ সময়তে সহযোগীৰ জীৱন ৰক্ষা কৰাৰ সময়ত গুৰুতৰভাৱে আহত হৈছিল সাহসী বি এছ এফৰ জোৱান ৰাজপ্পা বি ডি।
এতিয়া এই বীৰ জোৱানগৰাকীৰ বিমান যাত্ৰাৰ সময়ত তেওঁক মৰম, ভালপোৱা আৰু সন্মানেৰে উপচাই পেলালে বিমানৰ ক্ৰু আৰু যাত্ৰীসকলে। তেওঁৰ অতুলনীয় সাহস আৰু কৰ্তব্যৰ প্ৰতি সমৰ্পণৰ স্বীকৃতি স্বৰূপে দিল্লী-বেংগালুৰু ইণ্ডিগো বিমানত তেওঁক জ্ঞাপন কৰা হয় সম্বৰ্ধনা। গোটেই বিমানখনত যাত্ৰীসকলে থিয় হৈ হাত চাপৰি বজায়।
সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ভাৰতীয় সেনাই পাকিস্তান আৰু পিঅ’কেৰ মুঠ ৯টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰে। পিছত যেতিয়া পাকিস্তানে পুনৰ আক্ৰমণৰ চেষ্টা চলাইছিল, তেতিয়া ভাৰতে বিমান আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়ে, যাৰ ফলত তেওঁলোকৰ ১১টা সামৰিক ঘাটিৰ ক্ষতিসাধন হয়। অপাৰেশ্যন সেন্দূৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শক্তি আৰু কঠোৰ স্থিতিৰ প্ৰতীক হৈ পৰিছে।
এই অভিযানৰ অন্যতম নায়ক আছিল বি এছ এফৰ ১৬৫ নং বেটেলিয়নৰ সহকাৰী উপ পৰিদৰ্শক ৰাজপ্পা বি ডি। যোৱা ৭ আৰু ৮ মে’ত জম্মু সীমান্তত প্ৰচণ্ড গোলাবৰ্ষণৰ সময়ত সহযোগীসকলক সুৰক্ষা দি থকা অৱস্থাত গুৰুতৰভাৱে আহত হৈছিল। ১০ জুনত দিল্লীৰ পৰা বেংগালুৰু অভিমুখী ইণ্ডিগো বিমানত তেওঁক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়।
বিমান সংস্থাটোৰ ঘোষণাত কোৱা হৈছে যে, “এই বিমানখনত এজন বিশেষ যাত্ৰী আছে যাৰ সাহসৰ বাবে আমি গৌৰৱান্বিত। অপাৰেশ্যন সেন্দূৰৰ সময়ত তেওঁ নিজৰ জীৱন বিপন্ন কৰি সতীৰ্থ সৈনিকসকলৰ জীৱন ৰক্ষা কৰিছিল। আমি তেওঁক সন্মান জনাইছো।” এই ঘোষণাৰ পাছতে যাত্ৰীসকলে থিয় হৈ ৰাজপ্পাৰবাবে হাত চাপৰি বজায়।
বি এছ এফে এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি ইণ্ডিগ’ক এই পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
সীমান্তত সাহসেৰে যুঁজ দিয়া এইজন জোৱানৰ সন্মানত বিমানৰ আকাশত গৌৰৱৰ শব্দ প্ৰতিধ্বনিত হ’ল — দেশে কেতিয়াও পাহৰিব নোৱাৰে তেওঁৰ সাহস।