অসমীয়াৰাষ্ট্ৰীয়

মিৰাকল! মৃতদেহ আৰু ধ্বংসস্তূপৰ মাজৰ পৰা দৌৰি প্ৰাণৰক্ষা বিশ্বাস কুমাৰৰ! তেঁৱেই একমাত্ৰ জীৱিত ব্যক্তি

নিউজ ডেস্কঃ ৰাখে হৰি মাৰে কোনে! বৃহস্পতিবাৰৰ বিভীষিকাময় দিনটোক আজীৱন বুকুৰ ঘা কৰি ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা প্ৰাণ ৰক্ষা পৰিল এজন বিমান যাত্ৰীৰ।

গুজৰাটৰ আহমেদাবাদত সংঘটিত দেশৰ ইতিহাসৰ আটাইতকৈ ভয়ানক বিমান দুৰ্ঘটনাটোত একমাত্ৰ জীৱিত ব্যক্তি হিচাপে প্ৰাণ ৰক্ষা পৰে বৃটিছ নাগৰিক বিশ্বাস কুমাৰ ৰমেশৰ।

উল্লেখ্য যে, বৃহস্পতিবাৰে বিয়লি সংঘটিত হোৱা এয়াৰ ইণ্ডিয়া ফ্লাইট এআই-১৭১ৰ কৰুণ বিমান দুৰ্ঘটনাত মৃত্যু ঘটে গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰো। লণ্ডন অভিমুখী বিমান এ আই-১৭১ আহমেদাবাদৰ পৰা উৰণৰ কিছু সময়ৰ পাছতে দুৰ্ঘটনাগ্ৰস্ত হৈ ভাগি পৰে এখন চিকিৎসা মহাবিদ্যালয়ৰ আৱাসিক হোষ্টেলত।

image 5

দুৰ্ঘটনাটোৰ সময়ত বিমানখনত আছিল ক্ৰু মেম্বাৰসহ ২৪২ জন লোক।

আহমেদাবাদৰ অসামৰিক চিকিৎসালয়ৰ আছাৰৱাৰ জেনেৰেল ৱাৰ্ডত বৰ্তমান চিকিৎসাধীন হৈ থকা ৪০ বছৰীয়া ব্ৰিটিছ নাগৰিক বিশ্বাস কুমাৰ ৰমেশে দাবী কৰে যে বিমান দুৰ্ঘটনাত তেৱেই একমাত্ৰ জীৱিত ব্যক্তি।

বিভীষিকাৰ বৰ্ণনা কৰি তেওঁ কয়, “টেক অফৰ ত্ৰিশ ছেকেণ্ডৰ ভিতৰতে এটা ডাঙৰ শব্দ হৈছিল আৰু তাৰ পিছতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এই সকলোবোৰ ইমান দ্ৰুতগতিত হৈছিল যে মূহুৰ্ততে সকলো শেষ হৈ গ’ল।”

WhatsApp Image 2025 06 12 at 19.51.24 9ddb11da

বিশ্বাস কুমাৰ ৰমেশে এই দুৰ্ঘটনাত বুকু, চকু আৰু ভৰিত আঘাত পাইছে। ভাৰতত পৰিয়ালক সাক্ষাৎ কৰিবলৈ অহা বিশ্বাসে ভাতৃ অজয় ​​কুমাৰ ৰমেশ (৪৫)ৰ সৈতে ব্ৰিটেইনলৈ উভতি যোৱাৰ সময়তে সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা।

ভয়ংকৰ মুহূৰ্তটোৰ বৰ্ণনা কৰি বৰ্ডিং পাছ এতিয়াও অক্ষত অৱস্থাত থকা বিশ্বাসে কয়, “উঠাৰ সময়ত চাৰিওফালে কেৱল মৃতদেহহে দেখা পাইছিলোঁ। ভয় খাইছিলোঁ। উঠি দৌৰিবলৈ ধৰিলোঁ। বিমানখনৰ টুকুৰাবোৰ ইফালে সিফালে সিঁচৰতি হৈ আছিল। কোনোবাই মোক তুলি লৈ এম্বুলেন্সত ভৰাই চিকিৎসালয়লৈ লৈ গ’ল।”

বিশ্বাসৰ প্ৰাণ ৰক্ষা যেন এক অলৌকিক ঘটনা। বিমানখনৰ ছীট ১১-এৰ যাত্ৰী আছিল বিশ্বাস কুমাৰ ৰমেশ। লক্ষ্যণীয়ভাৱে এই ছীটটো ইমাৰ্জেন্সি এক্সিটৰ আটাইতকৈ ওচৰতে আছে। এনে পৰিপ্ৰেক্ষিততে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত ইমাৰ্জেন্সি এক্সিটেৰে ওলাই আহিবলৈ সক্ষম হৈছিল বিশ্বাসে।

image 6

বিমানখনৰ বেলেগ শাৰীত বহি আছিল তেওঁৰ ভায়েক অজয়। দুৰ্ঘটনাত তেওঁৰ ভাতৃৰো মৃত্যুৰ আশংকা কৰা হৈছে। চিকিৎসালয়খনৰ আন এটা অংশত এয়াৰ ইণ্ডিয়া বিমানখনৰ আন যাত্ৰীসকলৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীয়েও নিজৰ আপোনজনক বিচাৰিছে। ইয়াৰ ভিতৰত এই বিমানত থকা প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ পৰিয়ালৰ সদস্যও আছে। প্রাক্তন মুখ্যমন্ত্রীক বিচাৰি হাস্পতালত উপস্থিত হৈছে ৰূপানীৰ প্রাক্তন সহায়ক শৈলেশ মণ্ডলিয়া৷

এয়াৰ ইণ্ডিয়াই জনোৱা মতে, বিমানখনত থকা ২৩০ জন যাত্ৰীৰ ভিতৰত ১৬৯ জন ভাৰতীয়, ৫৩ জন ব্ৰিটিছ, ৭ জন পৰ্তুগীজ আৰু এজন কানাডিয়ান নাগৰিক।

Leave a Reply

Your email address will not be published. Required fields are marked *