নিউজ ডেস্কঃ জীৱনৰ বিশেষ দিনটোৰ আনন্দৰ মাজতে পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল এগৰাকী ১২ বছৰীয়া কিশোৰৰ। বাংগালুৰুৰ হেন্নুৰ বাণ্ডে অঞ্চলত নিশা ট্ৰাক আৰু মটৰ চাইকেলৰ সংঘৰ্ষত থিতাতে মৃত্যু ঘটে ভানু তেজা নামৰ ছাত্ৰজনৰ।
জানিব পৰা মতে, অন্ধ্ৰ প্ৰদেশৰ চিত্তুৰ জিলাৰ নিৱাসী ভানুৱে বাংগালুৰুৰ আৰ টি নগৰৰ এটা মন্দিৰত থাকি বেদ শিক্ষা গ্ৰহণ কৰি আছিল। শনিবাৰে আছিল কিশোৰজনৰ জন্মদিন। এই বিশেষ দিনটো উদযাপনৰ বাবে ভানুক মটৰ চাইকেলত উঠাই লৈ গৈছিল হোৰামাভুৰ মন্দিৰৰ পুৰোহিত সম্পৰ্কীয় ভাতৃ চক্ৰধৰনে (২০)।
আবেলি জন্মদিন পালন কৰাৰ পিছত চক্ৰধৰনে ভানুক নিশা পুনৰ মন্দিৰলৈ থবলৈ অহাৰ সময়তে হেন্নুৰ ক্ৰছৰ সমীপৰ প্লুমা হাইটছ এপাৰ্টমেণ্টৰ সন্মুখত নিশা প্ৰায় ১১.২০ বজাত সংঘটিত হয় শোকাবহ দুৰ্ঘটনা।

হেন্নুৰ যান-বাহন আৰক্ষীয়ে জনোৱা মতে, হেন্নুৰ ক্ৰছ ফ্লাইঅভাৰ অভিমুখে গৈ থকা এখন কেণ্টাৰ ট্ৰাকে পিছফালৰ পৰা মটৰ চাইকেলখন খুন্দা মৰাৰ ফলত দুজন লোক পথত পৰি যায়। ট্ৰাকখনৰ চকাৰ তলত পৰি তেজাৰ থিতাতে মৃত্যু হয়।
আৰক্ষীয়ে জনোৱা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ট্ৰাক চালকজনে পলায়ন কৰে। ট্ৰাকখন জব্দ কৰি তদন্তত চিমেণ্টৰ বেগ ডেলিভাৰী কৰি ঘৰলৈ উভতি আহি থকা বুলি জানিব পৰা গৈছে। চালকজনক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।
এজন খেতিয়কৰ জ্যেষ্ঠ পুত্ৰ ভানু তেজাই ষষ্ঠ মানলৈ অধ্যয়নৰ পিছত পৰিয়ালৰ পৰামৰ্শ অনুসৰি পুৰোহিত হ’বলৈ প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল। কিশোৰজনৰ মৃত্যুৱে সমগ্ৰ চিত্তুৰ জিলাত শোকৰ ছাঁ পেলাইছে।