নিউজ ডেস্কঃ পিতৃয়ে পছন্দ কৰা দৰাৰ সৈতে বিবাহত বহিবলৈ অমান্তি হোৱাটোৱেই কাল হ’ল কন্যাৰ বাবে। বিয়াৰ বাবে অস্বীকাৰ কৰা কন্যাক ৰাজহুৱা স্থানতে গুলীয়াই হত্যা কৰিলে নিৰ্দয় পিতৃয়ে। এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে মধ্যপ্ৰদেশৰ গোৱালিয়ৰত। নিহত যুৱতীগৰাকীৰ পৰিচয় তনু গুৰজাৰ (২০) বুলি জানিব পৰা গৈছে। আনহাতে এই হত্যাকাণ্ড সংঘটিত কৰা পিতৃ মহেশ গুৰজাৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
উল্লেখ্য যে, মঙলবাৰে নিশা প্ৰায় ৯ বজাত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰে তনুয়ে। এই ভিডিঅ’টোত যুৱতীগৰাকীয়ে দাবী কৰে যে তেওঁৰ দেউতাকে নিজৰ পছন্দৰ ল’ৰাৰ সৈতে বিয়াত বহিবলৈ হেঁচা প্ৰয়োগ কৰিছে। ভিডিঅ’টোত তনুৱে লগতে কয় যে উত্তৰ প্ৰদেশৰ আগ্ৰাৰ বিকি মাৱাই নামৰ যুৱকজনৰ সৈতে তেওঁৰ ছয় বছৰীয়া প্ৰেমৰ সম্পৰ্ক আছে। প্ৰথমে তেওঁলোকৰ সম্পৰ্কক পৰিয়ালে সন্মতি প্ৰদান কৰিছিল যদিও পিছত পৰিয়ালে এই সম্পৰ্কৰ বিৰোধিতা কৰিবলৈ লোৱা বুলিও দাবী কৰে যুৱতীগৰাকীয়ে। ছ’চিয়েল মিডিয়াৰ ভিডিঅ’ত বিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰি পিতৃয়ে নিতৌ শাৰীৰিক অত্যাচাৰ চলোৱাৰো অভিযোগ উত্থাপন কৰে।

ইফালে এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে যুৱতীগৰাকীৰ বাসগৃহত উপস্থিত হয় আৰক্ষী অধীক্ষক ধৰমবীৰ সিং। সেই সময়তো পৰিয়ালৰ ভিতৰত চলি আছিল তুমুল বিবাদ। তাৰ মাজতে পিতৃ মহেশ গুৰজাৰে এটা দেশী পিষ্টলেৰে কন্যা তনু গুৰজাৰৰ বুকুলৈ লক্ষ্য কৰি গুলীচালনা কৰে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পিতৃয়ে গুলীচালনা কৰাৰ পিছত যুৱতীগৰাকীৰ মৃত্যু নিশ্চিত কৰিবলৈ ডিঙি আৰু কপাললৈ লক্ষ্য কৰি গুলীচালনা কৰে মহেশ গুৰজাৰৰ ভতিজা ৰাহুল গুৰজাৰেও। ঘটনাৰ পিছতে আৰক্ষীয়ে মহেশ গুৰজাৰক গ্ৰেপ্তাৰ কৰিছে যদিও বৰ্তমানেও পলাতক হৈ আছে ৰাহুল গুৰজাৰ। এই নৃশংস ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।