অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! চুৰি কৰি পলাবলৈ লৈ চাৰি মহলাৰ পৰা পৰি মৃত্যু দুই ভগ্নীৰ

নিউজ ডেস্কঃ অট্টালিকাৰ চতুৰ্থ মহলাৰ পৰা পৰি কৰুণ মৃ্ত্যুক সাৱটিবলগীয়া হ’ল দুই ভগ্নীয়ে। চণ্ডীগড়ৰ গুৰুগ্ৰামৰ ছেক্টৰ ৪০ত সংঘটিত হৈছে এই ঘটনা। এজন স্থানীয় ব্যৱসায়ীৰ ঘৰৰ চতুৰ্থ মহলাৰ পৰি থিতাতে মৃত্যু ঘটে ভগ্নী চান্দনী (২৩) আৰু ৰশ্মি (২১)ৰ।

আৰক্ষীয়ে সদৰী কৰা মতে, উত্তৰ প্ৰদেশৰ হাথৰছৰ প্ৰকৃত নিৱাসী দুই ভগ্নীয়ে গুৰুগ্ৰামত মানুহৰ ঘৰত কাম কৰা মহিলা হিচাপে কাম কৰিছিল। চান্দনী আছিল বিবাহিত। দুৰ্ঘটনা সংঘটিত হোৱা অট্টালিকাটোৰে তলৰ মহলাত থকা ষ্টাফ কোৱাৰ্টাৰত স্বামী আৰু পুত্ৰৰ সৈতে বাস কৰিছিল চান্দনীয়ে। দুৰ্ঘটনাৰ দিনাখন ভগ্নী চান্দনীক লগ কৰিবলৈ আহিছিল ৰশ্মিয়ে।

image 4

জানিব পৰা মতে, ঘৰৰ মালিক তথা ব্যৱসায়ী মনোজ শৰ্মাৰ ঘৰত কাম কৰিছিল চান্দনীয়ে। আৰক্ষীৰ আগত মনোজে জানিবলৈ দিয়া মতে, শুকুৰবাৰে তেওঁ পৰিয়ালসহ ৰাজস্থানৰ খাতু শ্যাম মন্দিৰলৈ গৈছিল। কিন্তু আধা বাটতে তেওঁ পাহৰি অহা ঔষধখিনি নিবলৈ পুনৰ ঘৰলৈ উভতি আহে।

মনোজ শৰ্মাই কয় যে যেতিয়া তেওঁ ঘৰলৈ আহে, তেতিয়া দুৱাৰ খোলা প্ৰত্যক্ষ কৰে। ইফালে গৃহস্থ অহাৰ কথা জানিব পাৰি দুই ভগ্নীয়ে লৰালৰিকৈ চাৰিমহলাৰ বেলকনিৰ পৰা জঁপিয়াই দিয়া বুলি মন্তব্য কৰে মনোজ শৰ্মাই।

image 5

ইতিমধ্যে ঘটনাস্থলীৰ পৰা চিচিটিভি ফুটেজ পৰীক্ষা কৰি আছে আৰক্ষীয়ে। ছেক্টৰ ৪০ থানাৰ এছ এইচ অ’ ললিত কুমাৰে কয় যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰা হৈছে। ৰিপৰ্ট পোৱাৰ পিছত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কিন্তু যুৱতী দুগৰাকীৰ পৰিয়ালে এয়া হত্যাকাণ্ড বুলি দাবী কৰি তদন্তৰ দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *