MGNREGAৰ আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ বিডিঅ’ আৰু গাণনিক বিষয়া…

MGNREGAৰ আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল খণ্ড উন্নয়ন বিষয়া আৰু গাণনিক।

ধুবুৰী জিলাৰ গৌৰীপুৰ (ধৰ্মশালা) উন্নয়ন খণ্ড বিষয়া আৰু গাণনিক বিষয়াক দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ধুবুৰী আৰক্ষীয়ে।

গ্ৰেপ্তাৰ হোৱা দুই বিষয়া হ’ল গৌৰীপুৰ খণ্ড উন্নয়ন বিষয়া খবিৰ উদ্দিন আহমেদ আৰু গাণনিক  আখিৰুল ইছলাম।

উল্লেখ্য যে, কিছুদিন পূৰ্বে ধুবুৰী জিলাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত কেলেংকাৰিত জড়িত গৌৰীপুৰ উন্নয়ন খণ্ডৰ দুই অভিযন্তা ক্ৰমে আব্দুল্লাহ আল মাছুদ আৰু ছাদ্দাম হোছেনক আৰক্ষীয়ে পলাই থকা অৱস্থাৰ পৰা পশ্চিমবংগৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।

দুয়োকে ধুবুৰী আৰক্ষীয়ে  জিম্মাত লৈ চলাই আছিল তদন্ত।

উক্ত তদন্তৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে গৌৰীপুৰ খণ্ড উন্নয়ন বিষয়া খবিৰ উদ্দিন আহমেদ আৰু গাণনিক  আখিৰুল ইছলামক।

চৰকাৰী আঁচনিৰ কাম নকৰাকৈ লাখ লাখ আত্মসাৎ কৰাৰ অভিযোগত ধুবুৰী জিলা পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী অভিযন্তা অনিমেশ তালুকদাৰে ধুবুৰী সদৰ থানাত কিছুদিন পুৰ্বে দুই অভিযন্তাসহ জাহিদুল ইন্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী জাহিদুল ইছলামৰ বিৰূদ্ধে এজাহাৰ দাখিল কৰিছিল।

জাহিদুল ইছলাম এতিয়াও পলাতক অৱস্থাত আছে। 

গৌৰীপুৰ খণ্ড উন্নয়ন বিষয়া আৰু গাণনিক বিষয়াক গ্ৰেপ্তাৰ কৰি  আদালতত হাজিৰ কৰায়। 

সম্প্রতি ধুবুৰী আদালতে গৌৰীপুৰ খণ্ড উন্নয়ন বিষয়া খবিৰ উদ্দিন আহমেদ আৰু গাণনিক বিষয়া আখিৰুল ইছলামক জে’ললৈ প্ৰেৰণ কৰিছে।

Leave a Comment