নিউজ ডেস্কঃ অগ্নিপথ আঁচনিৰ অধীনত ২০২৭ বৰ্ষৰ অগ্নিবীৰ নিযুক্তিৰ বাবে মঙলবাৰে এক নিৰ্দেশনা জাৰি কৰিছে নাৰংগীস্থিত সেনা নিযুক্তি কাৰ্যালয়ে। এই নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে নামনি আৰু পশ্চিম অসমৰ অবিবাহিত পুৰুষ প্ৰাৰ্থীসকলৰ পৰা অনলাইন আবেদন আহ্বান কৰা হৈছে। যোগ্য প্ৰাৰ্থীসকলে অহা ১৩ ফেব্ৰুৱাৰীৰ পৰা ০১ এপ্ৰিল ২০২৬-ৰ ভিতৰত বিভাগীয় ৱেবছাইটৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব।

এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত বৰপেটা, কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, চিৰাং, গোৱালপাৰা, কামৰূপ (গ্ৰাম্য আৰু মহানগৰ), বাক্সা, নলবাৰী, ওদালগুৰি, দৰং, বজালী, তামুলপুৰ আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ যুৱকসকলে আবেদন কৰিব পাৰিব। সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটো দুটা পৰ্যায়ত সম্পন্ন কৰা হ’ব। প্ৰথম পৰ্যায়ত অনলাইন কম্পিউটাৰ ভিত্তিক উমৈহতীয়া প্ৰৱেশ পৰীক্ষা (চিইই) অনুষ্ঠিত হ’ব আৰু ইয়াৰ মেধাৰ ভিত্তিত নিৰ্বাচিত প্ৰাৰ্থীসকলক দ্বিতীয় পৰ্যায়ৰ নিযুক্তি ৰেলীলৈ নিমন্ত্ৰণ জনোৱা হ’ব।

ইচ্ছুক প্ৰাৰ্থীসকলে সেনাৰ চৰকাৰী ৱেবছাইট www.Joinindianarmy.nic.in যোগে আবেদন দাখিল কৰিব লাগিব। আবেদনৰ সময়ত প্ৰাৰ্থীসকলে ২৫০ টকাৰ পৰীক্ষা মাচুল জমা দিব লাগিব, যিটো ডেবিট/ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিং বা ইউপিআইৰ জৰিয়তে পৰিশোধ কৰিব পৰা যাব। ইয়াৰ উপৰি আবেদনকাৰীৰ বাবে আধাৰ কাৰ্ড আৰু বৈধ ম’বাইল নম্বৰ থকাটো বাধ্যতামূলক কৰা হৈছে।

সেনা বাহিনীৰ তৰফৰ পৰা জনোৱা মতে, পৰীক্ষাৰ্থীৰ সহায়ৰ বাবে ৱেবছাইটত বিশেষ অনুশীলনমূলক পৰীক্ষা (Practice Test) আৰু পঞ্জীয়নৰ নিয়মৰ সবিশেষ ভিডিঅ’ উপলব্ধ কৰা হৈছে। অসমৰ যুৱকসকলৰ বাবে দেশসেৱাৰ এই অনন্য সুযোগ গ্ৰহণ কৰি গৌৰৱেৰে সেনা বাহিনীত যোগদান কৰিবলৈ সেনাৰ নিযুক্তি কাৰ্যালয়ে আহ্বান জনাইছে।









