ছিংগাপুৰৰ ক’ৰনাৰ আদালতৰ চূড়ান্ত ৰায়দান; প্ৰাণৰ শিল্পীৰ মৃত্যুৰ কাৰণ…

নিউজ ডেস্কঃ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ দীৰ্ঘদিন ধৰি চলি থকা ৰহস্যৰ মঙলবাৰে অন্তিমটো ৰায়দান প্ৰদান কৰে ছিংগাপুৰৰ এখন আদালতে। ষ্টেট ক’ৰোনাৰ এডাম নাখোড়াই প্ৰদান কৰা এই ৰায়ত উল্লেখ কৰা অনুসৰি জুবিন গাৰ্গৰ মৃত্যু কোনো ষড়যন্ত্ৰ নহয়, বৰঞ্চ পানীত ডুবি যোৱাৰ ফলতহে সংঘটিত হোৱা এক দুৰ্ঘটনা। আৰক্ষী ক’ষ্ট গাৰ্ডৰ তদন্তৰ সৈতে সংগতি ৰাখি আদালতে এই সিদ্ধান্তত উপনীত হয় যে কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ আঁৰত কোনো ধৰণৰ ৰহস্যজনক কাৰণ নাই।

২০২৫ চনৰ ছেপ্টেম্বৰ মাহত ছিংগাপুৰৰ লাজাৰাছ দ্বীপৰ ওচৰৰ সাগৰত সাতুৰিবলৈ গৈ জুবিন গাৰ্গ সন্ধানহীন হৈছিল আৰু পিছত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। ছিংগাপুৰ জেনেৰেল হাস্পতালৰ মৃত্যুৰ প্ৰমাণপত্ৰতো মৃত্যুৰ কাৰণ হিচাপে পানীত ডুবি যোৱাৰ কথাই উল্লেখ কৰা হৈছিল। ক’ৰোনাৰ আদালতে নিজৰ বিস্তৃত আদেশত এই সমগ্ৰ ঘটনাটোক ‘দুৰ্ভাগ্যজনক আৰু দুৰ্ঘটনাবশতঃ’ বুলি অভিহিত কৰিছে।

image 46
ছিংগাপুৰৰ ক'ৰনাৰ আদালতৰ চূড়ান্ত ৰায়দান; প্ৰাণৰ শিল্পীৰ মৃত্যুৰ কাৰণ... 2

আদালতে স্পষ্ট কৰি দিয়ে যে জুবিন গাৰ্গক কোনেও পানীলৈ ঠেলি দিয়া নাছিল বা তেওঁক ক্ষতি কৰাৰ উদ্দেশ্যে কোনেও কোনো কাম কৰা নাছিল। পূৰ্বে তেওঁৰ মৃত্যুক লৈ উত্থাপন হোৱা বিভিন্ন ষড়যন্ত্ৰৰ অভিযোগসমূহৰো কোনো ধৰণৰ সমৰ্থনযোগ্য প্ৰমাণ পোৱা নগ’ল বুলি আদালতে উল্লেখ কৰে। এই গুৰুত্বপূৰ্ণ ৰায়দানৰ পূৰ্বে আৰক্ষী ক’ষ্ট গাৰ্ডে চলোৱা তদন্তৰ ফলাফলসমূহকো পুনৰ নিশ্চিত কৰা হয়।

এই ৰহস্যৰ সমাধানৰ বাবে ছিংগাপুৰ ক’ৰোনাৰ আদালতে তিনিদিন ধৰি এক বিতং তদন্ত চলাইছিল য’ত কেইবাজনো সাক্ষীৰ ভাষ্য গ্ৰহণ কৰা হৈছিল। ইয়াৰ ভিতৰত আছিল ঘটনাৰ সৈতে জড়িত দুজন নাবিক, ছিংগাপুৰ নিবাসী কণ্ঠশিল্পীগৰাকীৰ এজন চিনাকী ব্যক্তি আৰু মৰণোত্তৰ পৰীক্ষা কৰা চিকিৎসকজন। আদালতে জুবিন গাৰ্গৰ পৰিয়ালৰ ফালৰ পৰা দাখিল কৰা লিখিত আবেদনসমূহো চালি-জাৰি চাই এই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে।

Leave a Comment