নিউজ ডেস্কঃ চৰকাৰী কামত ওলাই যোৱাৰ সময়তে এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল তিনিগৰাকীকৈ চৰকাৰী কৰ্মচাৰীৰ। সোমবাৰে বিয়লি এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় ৰাজস্থানৰ লালসোট বিধানসভা সমষ্টিৰ শিৱসিংপুৰা গাঁৱৰ সমীপত।
জানিব পৰা মতে, নিৰ্ঝৰ্ণা তহচিলদাৰৰ কাৰ্যালয়ত নিয়োজিত ৰাজহ বিভাগৰ দলটোৱে চৰকাৰী কামত গাড়ীৰে ওলাই যোৱাৰ সময়তে ১১ এ নং ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকৰ বাহনখনৰ সৈতে বিপৰীত দিশৰ পৰা অহা এখন দ্ৰুতবেগী ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ ঘটে। এই ভয়ংকৰ দুৰ্ঘটনাটোত এগৰাকী নায়ব তহচিলদাৰকে ধৰি তিনিগৰাকী চৰকাৰী কৰ্মচাৰীৰ থিতাতে মৃত্যু ঘটে। আনহাতে আন তিনিজন দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয়।
লালসোটৰ মহকুমাধিপতি নৰেন্দ্ৰ কুমাৰ মীনাই জানিবলৈ দিয়া মতে, ৰাজাপুৰা গাঁৱৰ এটা পথৰ সৈতে সম্পৰ্কীত বিবাদৰ পৰিপ্ৰেক্ষিতত নিৰ্ঝাৰ্ণা তহচিল কাৰ্যালয়ৰ ৰাজহ দলটোৱে গাড়ীৰে অঞ্চলটোলৈ গৈ আছিল। সেই সময়তে শিৱসিংপুৰা গাঁৱৰ সমীপত শিল কঢ়িয়াই অনা এখন ডাম্পাৰে তেওঁলোকৰ বাহনত প্ৰচণ্ড জোৰে খুন্দা মাৰে।
ভয়াবহ দুৰ্ঘটনাটোৰ ফলত নায়ব তহচিলদাৰ গিৰাজ শৰ্মা, পাটোৱাৰী দিনেশ শৰ্মা আৰু গিৰ্দাৱৰ দিনেশ শৰ্মাৰ থিতাতে মৃত্যু ঘটে। ইফালে দুৰ্ঘটনাটোত আহত হয় একেখন বাহনতে থকা গিৰ্দাৱৰ মুক্লেশ মীনা, পাটোৱাৰী প্ৰদীপ শৰ্মা আৰু দামোদৰ শৰ্মা নামৰ আন তিনিগৰাকী চৰকাৰী কৰ্মচাৰী।
দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে জয়পুৰলৈ প্ৰেৰণ কৰে।