কিমান টকা হ’লে শ্বিলং-গুৱাহাটীৰ মাজত কৰিব পাৰিব হেলিকপ্টাৰ যাত্ৰা? পঢ়ক এই খবৰ

নিউজ ডেস্কঃ মেঘালয়ৰ দুৰ্গম পাহাৰীয়া এলেকাৰ যাতায়ত ব্যৱস্থা সুচল কৰি পুনৰ আৰম্ভ হ’ল হেলিকপ্টাৰ সেৱা। সোমবাৰৰ পৰা ৰাজ্য চৰকাৰে গুৱাহাটী, শ্বিলং আৰু তুৰাৰ মাজত নিয়মীয়া বিমান সেৱা আৰম্ভ কৰিছে। এই পদক্ষেপে দূৰৱৰ্তী অঞ্চলত এক দ্ৰুত আৰু নিৰ্ভৰযোগ্য যোগাযোগ ব্যৱস্থাৰ সৃষ্টি কৰিব।

২ জুনৰ পৰা হেলিকপ্টাৰ সেৱা আৰম্ভ হোৱা বুলি ঘোষণা কৰিছে মেঘালয় পৰিবহণ নিগমে। ফলত পাহাৰীয়া অঞ্চলত বিগত সময়ত স্থবিৰ হৈ থকা বিমান সেৱা পুনৰ আৰম্ভ হৈছে। যিবোৰ অঞ্চলত পথেৰে ডাঙৰ চহৰৰ মাজত যাত্ৰা কৰিবলৈ বহু ঘণ্টা সময় লাগে, সেইবোৰ ক্ষেত্ৰত এই বিমান সেৱাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

এমটিচিৰ সঞ্চালকগৰাকীয়ে এই হেলিকপ্টাৰখন সপ্তাহত ছয় দিন চলাচল কৰিব বুলি জানিবলৈ দিয়ে। প্ৰতিটো একমুখী যাত্ৰাৰ ভাড়া ২২০০ টকা নিৰ্ধাৰণ কৰা হৈছে। গুৱাহাটী হৈ শ্বিলং-তুৰা পথৰ সমগ্ৰ যাত্ৰাত ৩,০০০ টকা ভাড়া প্ৰদান কৰিব লাগিব যাত্ৰীয়ে।

নিৰ্ধাৰিত সময় অনুসৰি প্ৰথমখন হেলিকপ্টাৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে পুৱা ৮:৩০ বজাত গুৱাহাটীৰ পৰা শ্বিলং অভিমুখে যাত্ৰা কৰিব, তাৰ পিছত তুৰালৈ উভতি যাব। আন দিনতো একাধিক বিমান চলাচল কৰিব। মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে গুৱাহাটী-শ্বিলং পথত চলিব হেলিকপ্টাৰ।

বিশেষজ্ঞসকলৰ মতে মেঘালয়ৰ কঠিন ভৌগোলিক পৰিস্থিতিত এই হেলিকপ্টাৰ সেৱা অতি প্ৰয়োজনীয়। এই পদক্ষেপে দীঘলীয়া আৰু বিপজ্জনক পথৰ যাত্ৰা এৰাই চলি আৰু দ্ৰুত যোগাযোগ প্ৰদান কৰি বাণিজ্য, পৰ্যটন, আৰু জৰুৰীকালীন চিকিৎসা সেৱাত সহায় কৰিব।

মন কৰিবলগীয়া যে উত্তৰ-পূবৰ ৰাজ্যসমূহে এতিয়া যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। মেঘালয়ৰ এই হেলিকপ্টাৰ সেৱা সেই প্ৰচেষ্টাৰ অংশ। ইয়াৰ দ্বাৰা দুৰ্গম অঞ্চলত বসবাস কৰা লোকসকলৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আহিব বুলি আশা কৰা হৈছে।

Leave a Comment