বাথৰুমত ব্যৱহৃত গেছ গীজাৰৰ বাবে মৃত্যু ন-বোৱাৰীৰ; তিনিমহীয়া সন্তানক এৰি থৈ চিৰদিনৰ বাবে গুচি গ’ল ৰৌনক

নিউজ ডেস্কঃ আকৌ বাথৰুমত ব্যৱহৃত গেছ গীজাৰৰ পৰা নিৰ্গত বিষাক্ত গেছৰ কৱলত পৰি অকাল মৃত্যুক সাৱটি ল’লে এগৰাকী ন-বোৱাৰীয়ে। মঙলবাৰে ৰাজস্থানৰ নাৱা চহৰত এগৰাকী আত্মীয়ৰ শোকসভাত অংশ ল’বলৈ তিনিমহীয়া এটি সন্তানৰ মাতৃগৰাকীয়ে বাথৰুমত গা ধুই থকাৰ সময়তে গেছ গীজাৰৰ পৰা নিৰ্গত ধোঁৱাৰ ফলত শ্বাসৰুদ্ধ হৈ সাৱটি লয় মৃত্যুক।

নিহত মহিলাগৰাকীৰ নাম ৰৌনক চৌহান (২০) বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, পূৰ্বেও দেশৰ বিভিন্ন প্ৰান্তত গেছ গীজাৰৰ বাবে শিশুৰ পৰা দম্পতীলৈকে বহু লোকে প্ৰাণ হেৰুওৱাৰ দৰে পুনৰ এই যন্ত্ৰটোৱেই কাল হৈ পৰিল এগৰাকী ২০ বছৰীয়া যুৱতীৰ বাবে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, আজমেৰৰ বাসিন্দা ৰৌনক চৌহানে নাৱাৰ বাল্মীকি মহল্লাত থকা এজন আত্মীয়ৰ ঘৰত দুপৰীয়া গা ধুবলৈ বাথৰুমত সোমাইছিল। দীৰ্ঘসময় ধৰি তেওঁ বাহিৰলৈ ওলাই নহাত আৰু কোনো সঁহাৰি নিদিয়াত পৰিয়ালৰ লোকে দুৱাৰ ভাঙি তেওঁক অচেতন অৱস্থাত উদ্ধাৰ কৰে। লগে লগে তেওঁক নাৱাৰ উপ-জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। গেছ গীজাৰৰ পৰা নিৰ্গত হোৱা বিষাক্ত গেছৰ বাবে অক্সিজেনৰ অভাৱ হৈ এই শোকাৱহ ঘটনাটো সংঘটিত হোৱা বুলি চিকিৎসকে প্ৰাথমিক সন্দেহ প্ৰকাশ কৰিছে।

মাত্ৰ এবছৰ পূৰ্বে অংকিত নামৰ যুৱকজনৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা ৰৌনক আছিল এটি তিনিমহীয়া দেৱশিশুৰ মাতৃ।বিশেষজ্ঞসকলৰ মতে, গেছ গীজাৰৰ চিলিণ্ডাৰটো বাথৰুমৰ বাহিৰত ৰাখিলেও সঠিক বায়ু চলাচলৰ ব্যৱস্থা নথকাটোৱেই এনেবোৰ দুৰ্ঘটনাৰ মূল কাৰণ হৈ পৰে। বৰ্তমান আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু ঘটনাটোৰ অধিক তদন্ত চলাই আছে।

Leave a Comment