অনলাইন গেমৰ মৰ্মান্তিক পৰিণতি! গাজিয়াবাদত নৱম মহলাৰ পৰা জাঁপ তিনি ভগ্নীৰ

নিউজ ডেস্কঃ কিশোৰ মনস্তত্ত্বত অনলাইন গেমিঙৰ মাৰাত্মক নিচাই কিদৰে বিভীষিকাৰ সৃষ্টি কৰিব পাৰে, তাৰেই এখন নিষ্ঠুৰ ছবি প্ৰতিফলিত হ’ল উত্তৰ প্ৰদেশৰ গাজিয়াবাদত। বুধবাৰে নিশা এটা আৱাসিক কমপ্লেক্সৰ নৱম মহলাৰ পৰা জাঁপ দি একেলগে তিনিগৰাকী কিশোৰী ভগ্নীয়ে কৰুণ মৃত্যুক সাৱটি লোৱা ঘটনাই সভ্য সমাজৰ বিবেক জোকাৰি গৈছে। এটা বিশেষ কোৰিয়ান অনলাইন গেমৰ প্ৰতি অতিমাত্ৰা আসক্ত হৈ পৰা কিশোৰী কেইগৰাকীয়ে চৰম পথ বাছি লোৱাৰ পূৰ্বে পিতৃৰ উদ্দেশ্যে এৰি থৈ যায় এক শোকাৱহ স্বীকাৰোক্তি।

প্ৰাপ্ত তথ্য অনুসৰি, ১২, ১৪ আৰু ১৬ বছৰীয়া তিনি ভগ্নীয়ে এটা টাস্ক-বেচড কোৰিয়ান গেমৰ নিচাত পৰি যোৱা দুবছৰ ধৰি বিদ্যালয়লৈ যোৱাও বন্ধ কৰি দিছিল। নিশা প্ৰায় ২:১৫ বজাত আটাইকেইগৰাকীয়ে বেলকনিৰ দুৱাৰখন বাহিৰৰ পৰা বন্ধ কৰি এজনীৰ পাছত আনজনীকৈ নৱম মহলাৰ পৰা তললৈ জাঁপ দিয়ে। কিশোৰী কেইগৰাকীৰ চিৎকাৰ আৰু মাটিত পৰি যোৱাৰ শব্দত পৰিয়ালৰ লোক আৰু নিৰাপত্তাৰক্ষী স্তম্ভিত হৈ পৰে যদিও চিকিৎসালয়লৈ নিয়াৰ পূৰ্বেই তিনিওৰে মৃত্যু ঘটে।

আৰক্ষীয়ে উদ্ধাৰ কৰা আঠ পৃষ্ঠাৰ চুইচাইড নোটত তেওঁলোকে নিজৰ মোবাইল আসক্তি আৰু কোৰিয়ান সংস্কৃতিৰ প্ৰতি থকা তীব্ৰ আকৰ্ষণৰ কথা উল্লেখ কৰিছে। নোটখনত তেওঁলোকে লিখিছে— “এই ডায়েৰীখনত যি লিখা আছে সকলো পঢ়ক কাৰণ সেয়া সঁচা। মই সঁচাকৈয়ে দুঃখিত। চৰী পাপা।” কিশোৰী কেইগৰাকীৰ পিতৃ চেতন কুমাৰে জনোৱা মতে, শেহতীয়াকৈ তেওঁলোকক মোবাইল ফোন ব্যৱহাৰ কৰিবলৈ নিদিয়াৰ বাবেই তেওঁলোকে এনেদৰে মানসিকভাৱে ভাগি পৰিছিল।

গাজিয়াবাদ আৰক্ষীয়ে বৰ্তমান ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ মতে, কোঠাৰ দেৱালত তেওঁলোকে “মই বহুত অকলশৰীয়া” বুলি লিখি থৈ যোৱা কথাই তেওঁলোকৰ একাকীত্ব আৰু গভীৰ মানসিক সংকটৰ দিশটোকে প্ৰমাণ কৰিছে। এই ঘটনাই এতিয়া সমগ্ৰ দেশতে অনলাইন গেমিঙৰ ভয়াৱহতাৰ বিৰুদ্ধে এক চৰ্চাৰ সৃষ্টি কৰিছে।

Leave a Comment