মৰ্মান্তিক! স্কুল বন্ধত নৌকা বিহাৰৰ সময়তে ভয়ংকৰ নাও দুৰ্ঘটনা, শিশু-মহিলাসহ কমেও ২২ জনৰ মৃত্যু

নিউজ ডেস্কঃ বন্ধৰ দিন উপলক্ষ্যে নৌকা বিহাৰৰ সময়তে ভয়ংকৰ নাও দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি ল’লে কমেও ২২ জন লোকে।

দেওবাৰে সন্ধিয়া এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় দক্ষিণ ভাৰতৰ ৰাজ্য কেৰালাৰ মাাপ্পুৰম জিলাৰ উপকূলীয় চহৰ তনুৰত।

এখন ডাবল ডেকাৰ নাও নৈৰ বুকুত ডুব যোৱাত শিশু আৰু মহিলাসহ মৃত্যুক সাৱটি লয় ২২ জন লোকে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নাওখনত আছিল মুঠ ৩৭ জন যাত্ৰী।

ইফালে নিহত সকলৰ ১১ জনেই একেটা পৰিয়ালৰ সদস্য আছিল বুলি জানিব পৰা গৈছে।

নিহত সকলৰ ভিতৰত অধিকাংশই শিশু আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, স্কুল বন্ধৰ বাবে শিশুসমূহে অভিভাৱকৰ সৈতে নাও যাত্ৰা কৰিছিল। সেই সময়তে সন্ধিয়া প্ৰায় ৭ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

অন্যহাতে দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

বোকা-পানীত বুৰ গৈ থকা নাওখনৰ ভিতৰত আৱদ্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰো আশংকা কৰা হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নাওখনত অত্যাধিক যাত্ৰীয়ে যাত্ৰা কৰাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়।

আনহাতে নাওখনত পৰ্যাপ্ত লাইফ জেকেট আৰু সুৰক্ষা ব্যৱস্থা নথকাৰ বাবে যাত্ৰীৰ মৃত্যু ঘটা বুলি মন্তব্য কৰিছে আৰক্ষীয়ে।

নাওখনৰ মালিকৰ বিৰুদ্ধে আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই নাও দুৰ্ঘটনাত শোক প্ৰকাশ কৰি নিহত সকলৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছে।