ভয়ংকৰ! দুৰ্ঘটনাগ্ৰস্ত হৈ ঘৰৰ ওপৰত বাগৰি পৰিল বায়ু সেনাৰ মিগ-২১ যুদ্ধ বিমান, দুগৰাকী মহিলাসহ ৩জনৰ মৃত্যু

নিউজ ডেস্কঃ ৰাজস্থানৰ হনুমানগড়ৰ সমীপত ভূপতিত ভাৰতীয় বায়ু সেনাৰ এখন মিগ-২১ যুদ্ধ বিমান।

দুৰ্ঘটনাগ্ৰস্ত হৈ অঞ্চলটোৰ এটা ঘৰৰ ওপৰত বাগৰি পৰে যুদ্ধ বিমানখন।

এই ভয়ংকৰ দুৰ্ঘটনাত ঘৰত ভিতৰত থকা তিনিজন লোকৰ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে।

নিহত সকলৰ ভিতৰত আছে দুগৰাকী মহিলা আৰু এজন পুৰুষ।

ইফালে দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ পৰা জঁপিয়াই কথমপি জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় পাইলটে।

চুৰাটগড়ৰ পৰা যুদ্ধ বিমানখনে উৰা মৰাৰ ক্ষন্তেক পিছতে সংঘটিত হয় এই দুৰ্ঘটনা।

দুৰ্ঘটনাৰ কাৰণ জানিবলৈ তদন্ত সমিতি গঠন কৰা হৈছে বুলি জানিবলৈ দিয়ে ভাৰতীয় বায়ু সেনাই।