নিউজ ডেস্কঃ পুৱা বিদ্যালয়লৈ গৈ থকাৰ সময়তে তীব্ৰবেগী ডাম্পাৰে মহতিয়াই লৈ গ’ল এগৰাকী শিক্ষকক।
সোমবাৰে পুৱা নগাঁৱৰ তেলিয়াগাঁৱত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লয় শিক্ষকগৰাকীয়ে।
নিহত শিক্ষকগৰাকী ৰৌমাৰী প্ৰাথমিক বিদ্যালয়ৰ আব্দুল খালেক বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, দেওবাৰৰ বন্ধৰ পিছত সোমবাৰে পুৱা নিৰ্দিষ্ট সময়ত বিদ্যালয় অভিমুখে ঘৰৰ পৰা ওলাই আহিছিল শিক্ষক আব্দুল খালেক।
সেই সময়তে এএছ ০২ চিচি ৬৩১৮ নম্বৰৰ তীব্ৰবেগী ডাম্পাৰখনে তেওঁক মহতিয়াই নিয়াত ঘটনাস্থলীতে মৃত্যু ঘটে শিক্ষকগৰাকীৰ।
ইফালে শিক্ষকগৰাকীৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় তেলিয়াগাঁও চাৰিআলিত।