fbpx
অসমীয়াঅসমমণিপুৰ

মৰ্মান্তিক! বহিঃৰাজ্যলৈ কৰ্মৰ সন্ধানত যোৱা মৰিগাঁৱৰ ১৭ শ্ৰমিক এতিয়াও সন্ধানহীন মণিপুৰৰ ভূমিস্খলনত

নিউজ ডেস্কঃ চুবুৰীয়া ৰাজ্য মণিপুৰৰ নোনে জিলাত সংঘটিত ভয়ংকৰ ভূমিস্খলনৰ ঘটনাই শোকৰ বন্যা নমাইছে অসমতো। পেটৰ তাড়নাত বহিঃৰাজ্যলৈ গৈ শ্ৰম কৰা অসমৰ কেইবাজনো শ্ৰমিক এই ভূমিস্খলনত সন্ধানহীন হৈ থকাত এতিয়া সেইসকল শ্ৰমিকৰ ঘৰত কান্দোনৰ ৰোল উঠিছে।

উল্লেখ্য যে, বুধবাৰে নিশা মণিপুৰৰ নোনে জিলাৰ টুপুল য়াৰ্ড ৰে’লৱে নিৰ্মাণ শিৱিৰত সংঘটিত হয় প্ৰচণ্ড ভূমিস্খলনৰ ঘটনা। এই ভূমিস্খলনৰ পিছত উদ্ধাৰকাৰী বাহিনীয়ে ৮ জনৰ মৃতদেহ উদ্ধাৰ কৰিছে যদিও এতিয়াও সন্ধানহীন হৈ আছে প্ৰায় ৫০ জন লোক।

image 3

জানিব পৰা মতে, সন্ধানহীন হৈ থকা সকলৰ ভিতৰত আছে ২৩ জন টেৰিট’ৰিয়েল আৰ্মীৰ ২৩তম পদাতিক বেটেলিয়ানৰ জোৱান। আনহাতে ৰে’লৱে য়াৰ্ডৰ নিৰ্মাণত কৰ্মৰত অসমৰ ১৭ জন শ্ৰমিকো এই ঘটনাত সন্ধানহীন হৈ আছে।

photo1656661084

প্ৰণিধানযোগ্য যে, টুপুলৰ শোকাবহ ভূমিস্খলনৰ ঘটনাত প্ৰাণ হেৰুৱায়ইছে অসমৰ এগৰাকী জোৱানেও। ভূমিস্খলন সংঘটিত অঞ্চলত কৰ্তব্যৰত বজালীৰ সেনা জোৱান জিয়াৰুল ইছলামে প্ৰাণ হেৰুৱায় এই শোকাবহ ঘটনাত।

তদুপৰি অসমৰ মৰিগাঁও জিলাৰ লাহৰিঘাটৰ এজন শ্ৰমিক এই ঘটনাত নিহত হোৱাৰ লগতে আন ৫ জন শ্ৰমিক গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে। নিহত শ্ৰমিকজনক লাহৰিঘাটৰ খোৰাগচাইবাৰী গাঁৱৰ গোপাল ফুকন (৩২) বুলি চিনাক্ত কৰা হৈছে।

আনহাতে, সন্ধানহীন হৈ থকা আন ১৭ জন শ্ৰমিকৰ ভিতৰত আছে লাহৰিঘাট সমষ্টিৰ কোচকাটি গাঁৱৰ দীপংকৰ বৰদলৈ (২৭), হনুমান কোঁৱৰ (৪৭), চানল কোঁৱৰ (৩০), উৎপল ফুকন (৪০), মমিন ডেকা ৰাজা (৪০), খোৰাগচাই বাৰী গাঁৱৰ আকাশ এল, ৰাম (২১), পল্লৱ লোৰাম (২২), দেৱজিৎ ফুকন (২৩), বগ্যন্ত লোৰাম (৪০), ৰামু ফুকন (৩৫), কুশতালীৰ জুনতি বাৰাদ (২৭) আৰু লৌভুৰুঙ্গাৰ হৰমোহন ডেকা (৩০)।

সেইদৰে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা শ্ৰমিককেইজনৰ পৰিচয় কুশতালীৰ প্ৰহ্লাদ বসুমতাৰী (১৯), মণিৰাম ফুকন (৩৫), ৰমন ফুকন (৩৩), মহেশ্বৰ ফুকন (৩২) আৰু আমগুৰিৰ জুন বসুমতাৰী (২৪) বুলি জানিব পৰা গৈছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!