উদয়পুৰ হত্যাকাণ্ডৰ সমৰ্থনত ফেচবুকত মন্তব্য কৰি ৰঙাঘৰৰ আলহী হ’ল এজন…

ৰাজস্থানৰ উদয়পুৰত সংঘটিত হত্যাকাণ্ডক সমৰ্থন ফেচবুকত মন্তব্য কৰে অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল এজন যুৱক।

বৃহস্পতিবাৰে আৰক্ষীয়ে হাইলাকান্দিৰ পৰা এজন যুৱকক গ্ৰেপ্তাৰ কৰে।

বিজেপি যুৱ মৰ্চাৰ হাইলাকান্দি গোটৰ সভাপতি মিলন দাসে দাখিল কৰা এক অভিযোগৰ ভিত্তিত হাইলাকান্দি সদৰ আৰক্ষীয়ে এজন যুৱকক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা যুৱকজন কাটলিচেৰাৰ বাসিন্দা চামছুল লস্কৰ বুলি জানিব পৰা গৈছে।

image 4
উদয়পুৰ হত্যাকাণ্ডৰ সমৰ্থনত ফেচবুকত মন্তব্য কৰি ৰঙাঘৰৰ আলহী হ’ল এজন... 3

আবু চৌধুৰী নামৰ এজন লোকে দিয়া ফেচবুক প’ষ্টত চামছুলে ৰাজস্থানৰ উদয়পুৰত সংঘটিত নিৰ্মম হত্যাকাণ্ডৰ সমৰ্থনত কমেণ্ট কৰিছিল।

লগতে চাওকঃ

ভয়ংকৰ সংঘৰ্ষ! সেনা-আৰক্ষীৰ গুলীত নিহত আলফাৰ দুৰ্ধৰ্ষ কেডাৰ জ্ঞান অসম

G01
উদয়পুৰ হত্যাকাণ্ডৰ সমৰ্থনত ফেচবুকত মন্তব্য কৰি ৰঙাঘৰৰ আলহী হ’ল এজন... 4