অসমীয়াঅসমত্ৰিপুৰা

বানত উটি গ’ল কৰিমগঞ্জ বাইপাছ পথ! অসম-ত্ৰিপুৰাৰ মাজত যাতায়ত বিচ্ছিন্ন

নিউজ ডেস্কঃ ৰুষ্ট প্ৰকৃতিৰ কবলত অসম তথা উত্তৰ-পূৰ্বাঞ্চল। বান আৰু ভূমিস্খলনে সংহাৰী ৰূপ ধাৰণ কৰিছে ঠায়ে ঠায়ে। শ শ পৰিয়াল গৃহহাৰা হৈছে, শতাধিক জনে হেৰুৱাইছে প্ৰাণ। এতিয়াও অসম তথা উত্তৰ পূৰ্বৰ পৰিস্থিতি ভয়াবহ কৰি ৰাখিছে বান আৰু ভূমিস্খলনে।

photo1656657466

অসমত বানৰ সংহাৰী ৰূপৰ মাজতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিল অসম-ত্ৰিপুৰাৰ মাজত। শুকুৰবাৰে পুৱা কৰিমগঞ্জ বাইপাছৰ কাষৰ পোৱামাৰা আৰঅ’বিৰ এটা অংশ বানে উটুৱাই নিয়াত যোগাযোগ বিচ্ছিন্ন হৈ পৰে অসম আৰু ত্ৰিপুৰাৰ মাজত।

photo1656657339

জিলা প্ৰশাসনে জানিবলৈ দিয়া মতে, শুকুৰবাৰে পুৱা প্ৰায় ৬ বজাত কৰিমগঞ্জ বাইপাছৰ অংশটো ছিগি যায়। যাৰ ফলত পথটোৰে যান-বাহনৰ চলাচল বন্ধ হৈ পৰে।

photo1656657471

ইফালে যান-বাহনৰ চলাচলৰ বাবে বাবা হোটেলৰ পৰা কৰিমগঞ্জ টাউন হৈ পোৱামাৰলৈ বিকল্প পথৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি ভগ্ন পথটো মেৰামতি কৰি আৱদ্ধ হৈ থকা যান-বাহন সমূহ মুকলি কৰাৰ ব্যৱস্থা কৰা হৈছে।