অসমঅসমীয়া

সদ্যনিযুক্তি প্ৰাপ্ত শিক্ষয়িত্ৰী কংকনা শৰ্মাৰ অকাল বিয়ােগ

নিউজ ডেস্ক। দাতাই দিলেও বিধাতাই নিদিয়ে! যেন এই কথাই প্ৰতিফলিত হ’ল শিক্ষয়িত্ৰী কংকনা শৰ্মাৰ সৈতে।

দৰিদ্ৰতাৰ সৈতে যুঁজ দি নিজৰ মেধা আৰু পৰিশ্ৰমৰ বলতে শিক্ষয়িত্ৰী হিচাপে নিযুক্তি লাভ কৰিও অকাল মৃত্যুক আঁকােৱালি ল’লে কংকনাই।

উল্লেখ্য যে দৰঙৰ পিপৰাদােকান-মালৌপাৰাৰ পূৰণ শৰ্মাৰ জ্যেষ্ঠ কন্যা কংকনা শৰ্মাই (বসয় ২৪ বছৰ) মেট্ৰিকত ডিষ্টিংচনসহ প্রথম বিভাগ, উচ্চতৰ কলা শাখাত ষ্টাৰ মার্কসহ কৃতিত্বৰে উত্তীৰ্ণ হােৱাৰ পিছত সুখ্যাতিৰে স্নাতক শিক্ষা সম্পন্ন কৰিছিল।

কংকনা শৰ্মা

নিজৰ মেধাৰ ভিত্তিতে শিক্ষয়িত্ৰী হিচাপে নিযুক্তি লাভ কৰা কংকনাই দৰিদ্ৰতাৰ পৰা মুক্তি পাবলৈ পৰিয়ালটােৰ একমাত্ৰ আশা-ভৰসা আছিল।

ছিপাঝাৰ শিক্ষাখণ্ডৰ অন্তর্গত এখন প্রাথমিক বিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে পাঠদান কৰিবলৈ লৈছিল।

জানিব পৰা মতে, কিছুদিন পূর্বে কংকনাৰ মাতৃৰ কিছুদিন পূৰ্বে আকস্মিক বিয়ােগ ঘটিছিল। ইয়াৰ পিছতে কংকনাৰ মৃত্যুৱে পৰিয়ালটােলৈ পুনৰ নমাই আনিলে চৰম বিপৰ্যয়।

জানিব পৰা মতে, বিশ্বকৰ্মা পূজাৰ দিনৰে পৰাই জ্বৰত আক্ৰান্ত হৈছিল কংকনা। কিন্তু ইয়াৰ পিছতাে বিদ্যালয়ত শিক্ষাদান অব্যাহত ৰখাৰ উপৰি চিকিৎসা গ্ৰহণ কৰিছিল কংকনাই।

কিন্তু স্বাস্থ্যৰ ক্ৰমাৎ অৱনতি ঘটতা ৩ দিন পূর্বে কংকনাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও আইচিইউত চিকিৎসাধীন অৱস্থাতে দেওবাৰে নিশা ইহ সংসাৰ পৰা বিদায় লয় কংকনাই।

কংকনাৰ এনে অকাল মৃত্যুৰ বাতৰিয়ে সমগ্ৰ অঞ্চলবাসীৰ মাজত গভীৰ শােকৰ ছাঁ পেলাইছে।

লগতে চাওকঃ বন্যপ্রাণী পুনৰ সংস্থাপন কেন্দ্ৰত সৰ্প দংশনত গঁড় পোৱালিৰ মৃত্যু

WhatsApp Channel Button

Leave a Reply

Your email address will not be published. Required fields are marked *