নিউজ ডেস্ক। এক অতি কৰুণ ঘটনা।
সমনীয়াৰ সৈতে ঘৰৰ সমীপতে খেলি থকা অৱস্থাত বৰলৰ আক্ৰমণত প্ৰাণ গ’ল এটি দেৱশিশুৰ।
এই ঘটনাৰ স্থান ওদালগুৰি জিলাৰ কলাইগাঁও থানাৰ অন্তৰ্গত নাপ্তিপাৰা গাঁও।
মৃত শিশুটিৰ স্থানীয় ছফিকুল ইছলাম আৰু খাদিজা খাতুনৰ ২১ মহীয়া পুত্ৰ খাইৰুল ইছলাম।
জানিব পৰা মতে, শিশুটিয়ে ঘৰৰ সমীপতে কেইজনমান শিশুৰ সৈতে খেলি থকা সময়ত এই ঘটনা সংঘটিত হয়।
এটি শিশুৱে ওচৰতে গছৰ ডাল এটাত থকা টেকেলীয়া বৰলৰ বাহ এটালৈ মাটিৰ চপৰা এটা দলিয়াই দিয়াত বৰলে খেদি আহে। অন্যসকলে ৰক্ষা পৰে যদিও বৰলৰ জাকটোৱে শিশু খাইৰুলক কামুৰি গুৰুতৰভাৱে আহত কৰে।
ইপিনে, ঘটনাৰ খবৰ লাভ কৰি পৰিয়ালৰ লোকে খাইৰুলক লগে লগে কলাইগাঁও আদর্শ চিকিৎসালয়ত ভৰ্তি কৰে।
চিকিৎসকে চিকিৎসা প্রদান কৰাৰ পিচত শিশুটিক ঘৰলৈ নিয়ে যদিও নিশা পুনৰ শিশুটিৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটাত শিশুটিক পুনৰ চিকিৎসালয়খনলৈ অনা হয়।
কিন্তু দুৰ্ভাগ্যবশতঃ শিশুটিৰ মৃত্যু ঘটে।
এই ঘটনাই অঞ্চলজুৰি শােকৰ ছাঁ পেলাইছে।
ইপিনে, পৰিয়ালৰ লােকে চিকিৎসকৰ বিৰুদ্ধে ভুল চিকিৎসাৰ অভিযােগ তুলি কলাইগাঁও থানাত এখন এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে।
লগতে চাওকঃ