অসমঅসমীয়া

Assam News : বন্যপ্রাণী পুনৰ সংস্থাপন কেন্দ্ৰত সৰ্প দংশনত গঁড় পোৱালিৰ মৃত্যু

Assam News: যােৱা ১৫ ছেপ্টেম্বৰত পবিতৰাত উদ্ধাৰ হৈছিল মাতৃৰ পৰা বিচ্ছিন্ন গঁড়ৰ পােৱালিটাে

WhatsApp Channel Button 1

এক শােকাৱহ ঘটনাই মৰ্মাহত কৰি তুলিছে প্ৰকৃতিপ্ৰেমীসকলক।

মাতৃৰ পৰা বিচ্ছিন্ন হােৱা এটা গঁড়ৰ পােৱালিৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰত সংৰ্প দংশনত মৃত্যু।

উল্লেখ্য যে যােৱা ১৫ ছেপ্টেম্বৰত পবিতৰা অভয়াৰণ্যৰ পৰা উদ্ধাৰ কৰা হৈছিল মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰা এটা দুমহীয়া মাইকী গঁড় পােৱালি। গঁড় পোৱালিটো মাকৰ সৈতে লগ লগাই দিবৰ বাবে চেষ্টা কৰা হৈছিল যদিও বনকৰ্মীসকল সফল নহ’ল।

ইয়াৰ পিছতে পােৱালিটােক পবিতৰা অভয়াৰণ্যৰ পৰা উদ্ধাৰ কৰি বোকাখাতৰ বৰজুৰি স্থিত বন্যপ্রাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ স্থানান্তৰ কৰা হৈছিল।

কিন্তু দুৰ্ভাগ্যবশতঃ এই কেন্দ্ৰটােতে নিশাৰ সময়ত সংৰ্প দংশনত পােৱালিটােৰ কৰুণ মৃত্যু ঘটে।

উল্লেখ্য যে এই কেন্দ্ৰটোত চিকিৎসা লাভ কৰা পিছতে গঁড় পোৱালিটো ক্ৰমাৎ সুস্থ হৈ উঠিছিল।

Rhino Calf Death in snake bite

পবিতৰাৰ পৰা উদ্ধাৰ ২ মহীয়া গঁড়ৰ পােৱালিটাে

জানিব পৰা মতে, নিশা গাখীৰ খুৱাবৰ সময়তেই বিষাক্ত ফেটী সাপে কামোৰ ফলত গঁড়ৰ পোৱালিটোৰ মৃত্যু হয়।

ইয়াৰ পিছত পুৱা বিভাগীয় নিয়ম অনুসৰি মৃত গঁড় পোৱালিটোৰ মৰণোত্তৰ পৰীক্ষা কৰা হয়। মৰণোত্তৰ পৰীক্ষাত মৃত গঁড় পোৱালিটোৰ মুখত বিষাক্ত সাপে দংশন কৰা চিন প্রত্যক্ষ কৰে পশু চিকিৎসকে।

পৰীক্ষাৰ অন্তত গঁড় পােৱালিটােৰ সৎকাৰ কৰা হয়।

এই ঘটনাই বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ কৰ্মীসকলৰ মাজতে গভীৰ শােকৰ ছাঁ পেলাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *