
শাৰীৰিক নিৰ্যাতনৰ কোনো প্ৰমাণ নাই হিমাশ্ৰী বড়োৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত; অন্ধ্ৰপ্ৰদেশত গঠন বিশেষ তদন্তকাৰী দল
গুৱাহাটীঃ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাম জিলাত ৰে’লপথৰ কাষত মৃতদেহ উদ্ধাৰ হোৱা অসমৰ ২১ বছৰীয়া ছাত্ৰী হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই লাভ কৰিছে নতুন গতি। ছাত্ৰীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ উদঘাটনৰ বাবে অন্ধ্ৰপ্ৰদেশ আৰক্ষী, ৰে’ল আৰক্ষী আৰু অসম আৰক্ষীয়ে যৌথভাৱে তদন্ত অব্যাহত ৰাখিছে।
উল্লেখ্য যে, নৃত্যানুষ্ঠানত অংশ লৈ যোৱা ৬ অক্টোবৰত বিশাখাপট্টনমৰ পৰা গুৱাহাটীৰ নিজ ঘৰলৈ ওভতাৰ উদ্দেশ্যে ডিব্ৰুগড় অভিমুখী বিবেক এক্সপ্ৰেছত উঠিছিল হিমাশ্ৰীয়ে। ইয়াৰ পিছতেই শ্ৰীকাকুলাম জিলাৰ পণ্ডুৰ থানাৰ অন্তৰ্গত পেনুবাৰ্থী গাঁৱৰ সমীপত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ। শ্ৰীকাকুলামৰ আৰক্ষী অধীক্ষক কে ভি মহেশ্বৰ ৰেড্ডীয়ে সদৰী কৰা মতে, যোৱা ৬ অক্টোবৰৰ পুৱা পেনুবাৰ্থী গাঁৱৰ কাষত এগৰাকী অচিনাক্ত যুৱতীৰ মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় লোকে।
ঘটনাৰ তদন্তৰ খাতিৰত চিচিটিভি ফুটেজ, ফোনৰ কল ৰেকৰ্ড আৰু ৰে’লৰ সংৰক্ষণ তালিকা পৰীক্ষা কৰে ৰে’ল আৰক্ষী আৰু স্থানীয় আৰক্ষীয়ে। চিকিৎসকৰ দল এটাই সম্পন্ন কৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কোনো শাৰীৰিক বা যৌন নিৰ্যাতনৰ লক্ষণ পোৱা নাই বুলি স্পষ্ট কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে। এই মৃত্যু কোনো দুৰ্ঘটনা নে পৰিকল্পিত, সেই দিশটোক গুৰুত্ব দি অনুসন্ধান চলাই থকা বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়ালৈকে কোনো ষড়যন্ত্ৰৰ প্ৰমাণ পোৱা হোৱা নাই। সহযাত্ৰীসকলক চিনাক্ত কৰি তেওঁলোকৰ ভাষ্য সংগ্ৰহ কৰিবলৈ গঠন কৰা হৈছে বিশেষ তদন্তকাৰী দল।
ইফালে, সমগ্ৰ ঘটনাক লৈ অসমত সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অন্ধ্ৰপ্ৰদেশ প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষাৰ নিৰ্দেশ দিছে। এই নিৰ্দেশনাৰ পিছতেই অসম আৰক্ষীৰ মহাপৰিদৰ্শক জি ভি শিৱ প্ৰসাদে শ্ৰীকাকুলামত উপস্থিত হৈ স্থানীয় উচ্চপদস্থ আৰক্ষী বিষয়াসকলৰ সৈতে পৰিস্থিতিৰ বুজ লয়।
অসম চৰকাৰৰ উচ্চপদস্থ আৰক্ষী বিষয়াজনে কয় যে ৰে’লৰ সেই নিৰ্দিষ্ট ডবাটোত যাত্ৰা কৰা সকলো যাত্ৰীকে চিনাক্ত কৰা হৈছে আৰু তেওঁলোকৰ বক্তব্য নথিভুক্ত কৰাৰ কাম অব্যাহত আছে। ছ’চিয়েল মিডিয়া তথা ৰাজ্যখনত উত্থাপিত সকলো সন্দেহ আৰু আশংকাক গুৰুত্ব সহকাৰে লৈ তদন্ত আগবঢ়াই নিয়াৰ কথা উল্লেখ কৰি তেওঁ কয় যে কাৰিকৰী মূল্যায়ন আৰু বিশেষ পৰীক্ষা চলি থকাৰ বাবে অহা দুই-তিনি দিনৰ ভিতৰত সমগ্ৰ ঘটনাৰ এক স্পষ্ট ছবি পোহৰলৈ আহিব। সমগ্ৰ মূল্যায়ন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই এই সন্দৰ্ভত এক বিস্তৃত প্ৰতিবেদন অসম চৰকাৰক দাখিল কৰা হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে।
বিজ্ঞাপন / Affiliate Link
Amazon Great Indian Festivalৰ অফাৰসমূহ চাওক
এই affiliate linkৰ জৰিয়তে ক্ৰয় কৰিলে NEWS8 NorthEast-এ কমিছন লাভ কৰিব পাৰে।






