অসমীয়াৰাষ্ট্ৰীয়

হৃদয় বিদাৰক! অগ্নিদগ্ধ হৈ মৃত্যু পত্নী-কন্যাৰ, তাৰ পিছতে চৰম সিদ্ধান্ত স্বামীৰো

নিউজ ডেস্কঃ পত্নী-কন্যাৰ মৃত্যুত শোকবিহ্বল স্বামীয়েও ল’লে চৰম সিদ্ধান্ত। ছত্তীশগড়ৰ ৰায়গড় জিলাৰ ঘটনাই অঞ্চলজুৰি পেলাইছে শোকৰ ছায়া। ঘৰত সংঘটিত অগ্নিকাণ্ডত পত্নী আৰু একমাত্ৰ কন্যাৰ অগ্নিদগ্ধ হৈ মৃত্যু ঘটাৰ পিছতে ঘৰৰ কাষৰ এজোপা গছত চিপ লৈ আত্মহত্যা কৰে এজন লোকে।

ছত্তীশগড়ৰ ৰায়গড় জিলাৰ ঘৰঘোৰা অঞ্চলৰ কামতাৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীয়ে জনোৱা মতে, ২০ বছৰীয়া চান্দনী গুপ্তা আৰু তেওঁৰ কন্যা আকাংক্ষাৰ অগ্নিদগ্ধ মৃতদেহ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে। একে সময়তে ঘৰৰ সমীপতে গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে স্বামী সুৰেশ গুপ্তা (২৫)ৰো মৃতদেহ।

image 2

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, এখন দোকান দি পৰিয়াল পোহপাল দিছিল সুৰেশে। প্ৰথমে তেওঁ পত্নী-কন্যাক হত্যা কৰি পিছত আত্মহত্যা কৰে নে দুয়োৰে মৃত্যুৰ শোকত চৰম সিদ্ধান্ত গ্ৰহণ কৰে সেই বিষয়ে চলাই থকা হৈছে। ইতিমধ্যে এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *