মৰ্মান্তিক! ঘন কুঁৱলীৰ ফলত মনিব নোৱাৰি ৰৈ থকা ট্ৰাকত খুন্দা বাছৰ, ৪ জনৰ মৃত্যু, আহত ১৭ জন

নিউজ ডেস্কঃ পুৱাৰ ঘন কুঁৱলীত মনিব নোৱাৰি ৰৈ থকা ট্ৰাকত খুন্দা মাৰি বিধ্বস্ত হৈ পৰিল এখন যাত্ৰীবাহী বাছ। তেলেংগানাৰ সূৰ্যপেট জিলাৰ চিভভেনলা মণ্ডলৰ আইলাপুৰমত পুৱা সংঘটিত এই শোকাবহ দুৰ্ঘটনাত থিতাতে নিহত হয় বাছখনৰ ৪ জন যাত্ৰী। আনহাতে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে আন ১৭ জন যাত্ৰীও। আহত সকলৰ কেইবাজনোৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

image 1
মৰ্মান্তিক! ঘন কুঁৱলীৰ ফলত মনিব নোৱাৰি ৰৈ থকা ট্ৰাকত খুন্দা বাছৰ, ৪ জনৰ মৃত্যু, আহত ১৭ জন 2

জানিব পৰা মতে, গুপ্তা প্ৰাইভেট ট্ৰেভেলছৰ বাছখনে ওড়িশা আৰু ছত্তীশগড়ৰ পৰা শ্ৰমিক কঢ়িয়াই হায়দৰাবাদলৈ গৈ থকাৰ সময়তে হায়দৰাবাদ-খাম্মাম ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। আৰক্ষীয়ে সদৰী কৰা মতে, দুৰ্ঘটনাৰ সময়ত বাছখন তীব্ৰ গতিত আছিল আৰু ঘন কুঁৱলীৰ ফলত কম দৃশ্যমানতাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

দুৰ্ঘটনাৰ সময়ত বাছখনত আছিল মুঠ ৩২ জন যাত্ৰী। দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি নিকটৱৰ্তী হাস্পতাললৈ প্ৰেৰণ কৰে। এই ঘটনাত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Leave a Comment