অসমীয়াৰাষ্ট্ৰীয়

চাঞ্চল্যকৰ! আকৌ ফ্ৰীজৰ ভিতৰত উদ্ধাৰ মহিলাৰ মৃতদেহ, গ্ৰেপ্তাৰ লিভ-ইন পাৰ্টনাৰ

নিউজ ডেস্কঃ আকৌ ফ্ৰীজৰ ভিতৰত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। এইবাৰ মধ্যপ্ৰদেশৰ দেৱাছত এটা ফ্ৰীজৰ পৰা উদ্ধাৰ হ’ল এগৰাকী মহিলাৰ মৃতদেহ। এই চাঞ্চল্যকৰ ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত লিভ-ইন পাৰ্টনাৰ সঞ্জয় পাটিদাৰক।

মৃত মহিলাগৰাকীৰ পৰিচয় পিংকী প্ৰজাপতি বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে সদৰী কৰা মতে, সঞ্জয় পাটিদাৰ আৰু পিংকীয়ে লিভ-ইনত বাস কৰিছিল। মহিলাগৰাকীক আঠ মাহ পূৰ্বেই হত্যা কৰি মৃতদেহটো ফ্ৰীজৰ ভিতৰত লুকুৱাই ৰাখিছিল সঞ্জয় পাটিদাৰে। আৰক্ষীয়ে জনোৱা মতে, বিবাহৰ বাবে পিংকীৰ ওপৰত বাৰে বাৰে হেঁচা দিছিল সঞ্জয়ে। কিন্তু পিংকীয়ে সঞ্জয়ৰ সৈতে সম্পৰ্ক ছেদ কৰিব বিচৰাত যোৱা বছৰৰ জুন মাহতে পিংকীক হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। শুকুৰবাৰে সঞ্জয় পাটিদাৰৰ ভাড়াঘৰৰ ফ্ৰীজৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে মহিলাগৰাকীৰ গেলি যোৱা মৃতদেহটো।

image 3

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, উজ্জীয়নৰ বাসিন্দা পাটিদাৰে বিগত পাঁচ বছৰ ধৰি পিংকীৰ সৈতে লিভ ইন সম্পৰ্কত আছিল।

দেৱাছৰ আৰক্ষী অধীক্ষক পুনীত গেহলটে কয় যে শেহতীয়াকৈ সঞ্জয়ৰ ভাড়াঘৰটোৰ বিদ্যুৎ সংযোগ কৰ্তন হোৱাৰ পিছতে ফ্ৰীজত থকা মৃতদেহৰ পৰা দুৰ্গোন্ধ ওলাবলৈ আৰম্ভ কৰে। ইয়াৰ পিছতে ঘৰৰ মালিক ধীৰেন্দ্ৰ শ্ৰীবাস্তৱে ফ্ৰীজটো খোলাত পোহৰলৈ আহে এই নৃশংস হত্যাকাণ্ড।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে দিল্লীত শ্ৰদ্ধা ৱাকাৰ নামৰ এগৰাকী যুৱতীৰ হত্যাকাণ্ডই সমগ্ৰ দেশজুৰি সৃষ্টি কৰিছিল তীব্ৰ চাঞ্চল্যৰ। আফতাব আমিন পুনাৱালাই লিভ-ইন পাৰ্টনাৰ শ্ৰদ্ধাক হত্যা কৰি শৰীৰ টুকুৰা টুকুৰকৈ কাটি ভৰাই থৈছিল ফ্ৰীজৰ ভিতৰত। এতিয়া অনুৰূপ হত্যাকাণ্ডই পুনৰ এবাৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *