নিউজ ডেস্কঃ শীতৰ বিদায়ৰ লগে লগে বৃদ্ধি পাইছে উৎকট গৰমৰ প্ৰকোপ।
এনে গৰমৰ দিনতেই প্ৰচণ্ড ৰ’দত ঘণ্টাৰ পিছত ঘণ্টা থিয় হৈ থাকি মৃত্যুক সাৱটিলে কমেও ১১ জন লোকে।
দেওবাৰে মহাৰাষ্ট্ৰ চৰকাৰৰ উদ্যোগত নৱী মুম্বাইত অনুষ্ঠিত হোৱা মহাৰাষ্ট্ৰ ভূষণ বঁটা প্ৰদান অনুষ্ঠানত সংঘটিত হয় এই অঘটন।
বঁটা প্ৰদান অনুষ্ঠানৰ সময়ত কেইবা ঘণ্টা ধৰি ৰ’দত থিয় হৈ থকাৰ পিছতে শাৰীৰিক অসুস্থতাৰ বলি হৈ মৃত্যুক আঁকোৱালি লয় কমেও ১১ জন লোকে।
ইফালে অনুষ্ঠানত উপস্থিত থকা আন ১২৫ জন লোকো ক্লান্তি, বুকুৰ বিষ আদিত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে।
দৰাচলতে নৱী মুম্বাইৰ খাৰঘৰৰ এখন বৃহৎ মুকলি খেলপথাৰত দেওবাৰে পুৱা ১১.৩০ বজাৰ পৰা দুপৰীয়া ১.৩০ বজালৈ অনুষ্ঠিত হৈছিল মহাৰাষ্ট্ৰ ভূষণ বঁটা প্ৰদান অনুষ্ঠান।
এই অনুষ্ঠানতে সমাজকৰ্মী দত্তত্ৰেয় নাৰায়ণ ধৰ্মাধিকাৰীক সম্বৰ্ধনা জনোৱা হয়।
অনুষ্ঠানত অংশ লয় তেওঁৰ লাখ লাখ অনুৰাগীয়ে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত থকা অনুষ্ঠানৰ মাজতে অনেক লোক অসুস্থ হৈ পৰে।
প্ৰখৰ ৰ’দত থিয় হৈ থাকি অসুস্থ হৈ পৰা লোক সকলক লগে লগে হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও ১১ জন লোকে মৃত্যুক সাৱটি লয়।
মুখ্যমন্ত্ৰী একনাথ শিণ্ডেয়ে হাস্পতালত উপস্থিত হৈ আহত সকলৰ চিকিৎসাৰ বুজ লোৱাৰ লগতে প্ৰয়োজনত উন্নত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিছে।
এই ঘটনাত নিহত সকলৰ পৰিয়ালক ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰো ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে।









