নিউজ ডেস্কঃ হঠাৎ দ্ৰুতবেগী চাৰিচকীয়া বাহনৰ টায়াৰ ফাটি নিয়ন্ত্ৰণহীন হৈ বাগৰি পৰাত অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী প্ৰাক্তন বিধায়িকাই।
দেওবাৰে এই মৰ্মান্তিক পথ দুৰ্ঘটনা সংঘটিত হয় তেলেংগানাৰ বাচুপল্লীত।
দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটে অন্ধ্ৰপ্ৰদেশৰ কৰ্ণুলৰ আলুৰৰ প্ৰাক্তন বিধায়িকা তথা বিজেপিৰ প্ৰভাৰী নীৰজা ৰেড্ডীৰ।
জানিব পৰা মতে, দুৰ্ঘটনাৰ সময়ত হায়দৰাবাদৰ পৰা কুৰ্ণুল অভিমুখে আহি আছিল বিজেপি নেত্ৰীগৰাকী।
সেই সময়তে তেলেংগানাৰ বাচুপল্লীত তেওঁ যাত্ৰা কৰা বাহনখনৰ টায়াৰ ফাটি নিয়ন্ত্ৰণহীন হৈ পৰে।
নিয়ন্ত্ৰণহীন বাহনখন পথৰ দাঁতিত বাগৰি পৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি লয় নীৰজা ৰেড্ডীয়ে।
উল্লেখ্য যে, ২০০৯ চনত কংগ্ৰেছৰ বিধায়িকা হিচাপে তেওঁ আলুৰু সমষ্টিৰ পৰা জয়লাভ কৰিছিল।
কিন্তু ২০১১ চনত নীৰজা ৰেড্ডীয়ে কংগ্ৰেছৰ পৰা পদত্যাগ কৰি কিছু বছৰৰ বাবে ৰাজনীতিৰ পৰা আঁতৰি থাকে।
২০১৯ চনত তেওঁ পুনৰ ৰাজনীতিলৈ ঘূৰি ৱাই এছ আৰ চি পিত যোগদান কৰে। কিন্তু পৰৱৰ্তী সময়ত তেওঁ বিজেপিত যোগদান কৰে।