কাম শেষ কৰি ওভতাৰ পথতে ট্ৰাকৰ প্ৰচণ্ড খুন্দা! ৮ মহিলা শ্ৰমিকৰ মৃত্যু

নিউজ ডেস্কঃ দিনটোৰ কাম শেষ কৰি ঘৰলৈ উভতি অহাৰ পথতে এক মৰ্মান্তিক দুৰ্ঘটনাই থিতাতে কাঢ়ি নিলে ৮ গৰাকী মহিলা শ্ৰমিকৰ প্ৰাণ। মহাৰাষ্ট্ৰৰ জালনা জিলাৰ নাগপুৰ-মুম্বাই এক্সপ্ৰেছৱেত বুধবাৰে সন্ধিয়া সংঘটিত হয় এই শোকাৱহ ঘটনা। দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত আন ৩ জন লোক গুৰুতৰভাৱে আহত হোৱাত তেওঁলোকক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, এক্সপ্ৰেছৱেত চাফাইৰ কাম সম্পূৰ্ণ কৰি এখন টেম্পোৰে ঘৰলৈ উভতি আহিছিল মহিলা শ্ৰমিকসকল। কডৱাঞ্চী গাঁৱৰ সমীপত টেম্পোখন ৰৈ থকা অৱস্থাতে মুম্বাইৰ দিশৰ পৰা অহা এখন তীব্ৰবেগী ট্ৰাকে পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই খুন্দাৰ ফলত টেম্পোখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে আৰু ইয়াৰ যাত্ৰীসকল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

image 5
কাম শেষ কৰি ওভতাৰ পথতে ট্ৰাকৰ প্ৰচণ্ড খুন্দা! ৮ মহিলা শ্ৰমিকৰ মৃত্যু 2

টেম্পোখনত থকা মুঠ ১১ জন যাত্ৰীৰ ভিতৰত ৭ গৰাকী মহিলাৰ থিতাতে মৃত্যু হয়। আনহাতে এগৰাকী মহিলাই চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে। মৃত মহিলাসকলক আলকাবাই আডমনে, লক্ষ্মীবাই মদন, মীনা আডমনে, কাঞ্চন আডমনে, তাৰাবাই চৌধুৰী, কডুবাই মদন আৰু সুমন আডমনে বুলি চিনাক্ত কৰা হৈছে। এগৰাকী মৃতকৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই।

আৰক্ষীয়ে ইতিমধ্যে ট্ৰাক চালকজনক আটক কৰি ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰিছে। আনহাতে মুখ্যমন্ত্রী দেৱেন্দ্ৰ ফাড়নবীছে এই ঘটনাক অত্যন্ত দুখজনক বুলি অভিহিত কৰি প্ৰতিগৰাকী মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰে। ৰাজ্যৰ পৰিৱেশ মন্ত্ৰী পংকজা মুণ্ডেইও শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনোৱাৰ লগতে আহতসকলক সকলো ধৰণৰ চিকিৎসা সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

Leave a Comment