মুছলমান যুৱতীক বিয়া কৰোৱাৰ চৰম পৰিণতি! শিক্ষক জোঁৱাইক নৃশংস হত্যা খোদ শহুৰেকৰ

নিউজ ডেস্কঃ অচিনাক্ত ঘাতকৰ নহয়, আপোন শহুৰেকৰ হাততেই প্ৰাণ গ’ল এজন যুৱকৰ। আন্তঃধৰ্মীয় বিবাহৰ বাবে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত সংঘটিত এই জঘন্য হত্যাকাণ্ডই এতিয়া সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। অভিযোগ অনুসৰি, পেছাত ৰসায়ন বিজ্ঞানৰ শিক্ষক নিতিন কুমাৰ জয়ন্তক তেওঁৰ শহুৰেক আৰু পত্নীৰ খুৰাকে অতি নৃশংসভাৱে ডিঙি চেপি হত্যা কৰে।

প্ৰাপ্ত তথ্য অনুসৰি, নিতিনে ২০২৫ চনত মুস্কান নামৰ এগৰাকী মুছলমান যুৱতীৰ সৈতে হিন্দু ৰীতি-নীতিৰে প্ৰেম বিবাহত আৱদ্ধ হৈছিল। এই বিবাহক মুস্কানৰ পৰিয়ালে কোনোদিনেই মানি লোৱা নাছিল। মুস্কানৰ পিতৃ আৰু খুৰাকে নিতিনক প্ৰায়ে প্ৰাণে মৰাৰ ভাবুকি দি আহিছিল। উল্লেখযোগ্য যে, মুস্কান বৰ্তমান অন্তঃসত্ত্বা আৰু তেওঁ যোৱা দেওবাৰে অভিমান কৰি নিজৰ পিতৃগৃহলৈ গৈছিল।

image 6
মুছলমান যুৱতীক বিয়া কৰোৱাৰ চৰম পৰিণতি! শিক্ষক জোঁৱাইক নৃশংস হত্যা খোদ শহুৰেকৰ 2

জানিব পৰা মতে, মুস্কানৰ পিতৃ আৰু খুৰাকে বুজাবুজিৰ চলেৰে নিতিন আৰু তেওঁৰ ভাতৃক এক নিৰ্জন স্থানলৈ মাতি নিয়ে। ইয়াৰ পাছতে লোনীৰ টিলা মোৰ থানাৰ অন্তৰ্গত এক হাবিৰ মাজত তেওঁলোকৰ ওপৰত অতৰ্কিতে আক্ৰমণ চলায়। কোনোমতে নিতিনৰ ভাতৃয়ে সেই স্থানৰ পৰা পলাই সাৰি আৰক্ষীক খবৰ দিয়ে। কিন্তু অন্ধকাৰৰ সুযোগ লৈ অভিযুক্তসকলে নিতিনক ডিঙি চেপি হত্যা কৰি সেই স্থানৰ পৰা পলায়ন কৰে।

এই হত্যাকাণ্ডৰ পাছতে নিতিনৰ পৰিয়ালে ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অভিযুক্তৰ এনকাউণ্টাৰৰ দাবী জনোৱাৰ লগতে যোগী চৰকাৰৰ পৰা কঠোৰ শাস্তিৰ আহ্বান জনায় পৰিয়ালটোৱে। আৰক্ষীৰ আশ্বাসনৰ পাছতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। বৰ্তমান আৰক্ষীয়ে মুস্কানৰ পিতৃ আৰু খুৰাকক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছে। আৰক্ষীয়ে ঘটনাৰ অধিক তদন্ত অব্যাহত ৰাখিছে।

Leave a Comment