অসমীয়াৰাষ্ট্ৰীয়

পুত্ৰৰ কেৰিয়াৰক লৈ হেঁচা দিছিল পিতৃয়ে! খঙতে পুত্ৰই পিতৃৰ সৈতেই সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড…

নিউজ ডেস্কঃ কেৰিয়াৰ নিৰ্বাচনক লৈ পিতৃৰ সৈতে ঘটা মতানৈক্যৰ বাবেই এজন পাষাণ পুত্ৰই সংঘটিত কৰিলে এক ভয়ংকৰ কাণ্ড। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ চহৰৰ আশিয়ানা অঞ্চলত পুত্ৰৰ হাততে প্ৰাণ হেৰুৱাবলগীয়া হয় এজন দুৰ্ভগীয়া পিতৃয়ে।

৪৯ বছৰীয়া ব্যৱসায়ী মানৱেন্দ্ৰ সিঙক তেওঁৰ নিজ পুত্ৰ অক্ষত প্ৰতাপ সিঙে অতি নিৰ্মমভাৱে হত্যা কৰি মৃতদেহটো টুকুৰা-টুকুৰ কৰাৰ তথ্যই এতিয়া সকলোকে স্তম্ভিত কৰি তুলিছে।

image 55

যোৱা শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা ব্যৱসায়ীজনৰ সন্ধানত আৰক্ষীয়ে তেওঁৰ বাসগৃহত উপস্থিত হোৱাৰ পাছতহে এই সমগ্ৰ নৃশংসতাৰ তথ্য পোহৰলৈ আহে।

আৰক্ষীৰ জেৰাত ২১ বছৰীয়া অক্ষতে স্বীকাৰ কৰা মতে, তেওঁৰ পিতৃয়ে তেওঁক চিকিৎসা বিজ্ঞানৰ কেৰিয়াৰ গঢ়িবলৈ বাধ্য কৰাত দুয়োৰে মাজত প্ৰায়েই বিবাদৰ সৃষ্টি হৈছিল।

শুকুৰবাৰে বিয়লি প্ৰায় ৪:৩০ বজাত পুনৰ এই বিষয়ত তৰ্ক হোৱাত খঙৰ ভমকত পুত্ৰই এটা ৰাইফলেৰে পিতৃক গুলীয়াই হত্যা কৰে।

image 56

হত্যাকাণ্ডৰ পাছত প্ৰমাণ নষ্ট কৰাৰ বাবে যুৱকজনে মৃতদেহটো টুকুৰা-টুকুৰ কৰি চহৰৰ বিভিন্ন স্থানত পেলাই দিয়ে। মৃতদেহৰ একাংশ এটা ড্ৰামত ভৰাই থোৱাৰ লগতে আন অংশসমূহ প্লাষ্টিকত বান্ধি নিৰ্জন স্থানত পেলাই দিছিল অভিযুক্তই।

আনকি নিজ ভগ্নীকো এই জঘন্য কাৰ্যৰ সাক্ষী কৰি তেওঁক ভয়-ভাবুকিৰে মুখ বন্ধ কৰি ৰখাৰ চেষ্টা চলাইছিল। বৰ্তমান আৰক্ষীয়ে অভিযুক্তক জিম্মাত লৈ মৃতদেহৰ বাকী থকা অংশসমূহ উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *