নিউজ ডেস্কঃ ঘৰুৱা বাধা-নিষেধ আৰু বিবাহৰ অনুমতি নিদিয়াৰ বাবেই নিজ পিতৃক নৃশংস হত্যা দুই জীয়াৰীৰ! উত্তৰ প্ৰদেশৰ মুজাফফৰনগৰ জিলাৰ মোৰণা অঞ্চলত সংঘটিত হয় এক চাঞ্চল্য্যকৰ ঘটনা। দুই ভগ্নীয়ে মিলি অতি নিৰ্মমভাৱে হত্যা কৰে কৃষক পিতৃ ৰামপ্ৰসাদক।
আৰক্ষীৰ তথ্য অনুসৰি, হত্যাকাণ্ডৰ পূৰ্বে অভিযুক্ত কন্যা কোমলে তেওঁৰ নাবালিকা ভগ্নীৰ সৈতে মিলি সমগ্ৰ পৰিয়ালক গভীৰ নিদ্ৰাত শুৱাই ৰখাৰ পৰিকল্পনা কৰিছিল। এজন চিনাকি যুৱকৰ জৰিয়তে নিদ্ৰাৰ টেবলেট আনি নিশাৰ আহাৰৰ সৈতে খুৱাই অচেতন কৰিছিল সমগ্ৰ পৰিয়ালটোক। নিশা প্ৰায় ৩ বজাত যেতিয়া পৰিয়ালৰ আন সদস্যসকল অচেতন হৈ পৰিছিল, তেতিয়াই দুই ভগ্নীয়ে শুই থকা অৱস্থাতে পিতৃৰ ওপৰত চুৰীৰে উপৰ্যুপৰি আক্ৰমণ চলায়।

ইফালে, পিতৃৰ হত্যাৰ পাছত প্ৰমাণ নষ্ট কৰাৰ উদ্দেশ্যৰে অভিযুক্ত জ্যেষ্ঠ কন্যা কোমল আৰু তেওঁৰ নাবালিকা ভগ্নীয়ে তেজ লগা কাপোৰ আৰু অস্ত্ৰ লুকুৱাই থোৱাৰ লগতে পুৱা সমগ্ৰ বিষয়টোক বাহিৰৰ দুৰ্বৃত্তৰ আক্ৰমণ বুলি সজাবলৈ নাটক কৰে। অৱশ্যে আৰক্ষীৰ তীব্ৰ জেৰা আৰু ঘৰৰ ভিতৰৰ তালাচীত তেজ লগা কাপোৰৰ টোপোলা উদ্ধাৰ হোৱাৰ পাছতে দুই ভগ্নীয়ে নিজৰ অপৰাধ স্বীকাৰ কৰে।

অভিযুক্ত ৩০ বছৰীয়া জ্যেষ্ঠ কন্যা কোমলৰ ভাষ্য অনুসৰি, পিতৃয়ে তেওঁৰ বিবাহৰ অনুমতি নিদিয়াৰ লগতে তেওঁক শাৰীৰিকভাৱে প্ৰহাৰ কৰিছিল। আনহাতে একাদশ শ্ৰেণীত অধ্যয়নৰত নাবালিকা ভগ্নীগৰাকীৰ ওপৰতো পিতৃয়ে মোবাইল ফোন ব্যৱহাৰত নিষেধাজ্ঞা আদি কঠোৰ নিয়ন্ত্ৰণ জাপি দিছিল। এই ক্ষোভৰ পৰিণতিতেই দুই ভগ্নীয়ে এই চৰম পথ বাছি লয়। আৰক্ষীয়ে ইতিমধ্যে কোমল আৰু তেওঁৰ নাবালিকা ভগ্নীক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।









