কেইটামান ঘণ্টা পাছতে বিয়া! কিন্তু তাৰ পূৰ্বেই ৰহস্যজনকভাৱে উদ্ধাৰ দুই ভগ্নীৰ মৃতদেহ

নিউজ ডেস্কঃ ঘৰত চলি থকা বিয়াৰ পূৰ্ণ প্ৰস্তুতিৰ মাজতে ৰহস্যজনকভাৱে উদ্ধাৰ হ’ল দুই ভগ্নীৰ মৃতদেহ! ৰাজস্থানৰ যোধপুৰ জিলাত সংঘটিত এই মৰ্মান্তিক ঘটনাই এতিয়া মানাই গাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। শনিবাৰে অনুষ্ঠিত হ’বলগীয়া বিবাহৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে শোভা আৰু বিমলা নামৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৱে শোকস্তব্ধ কৰি তোলে সমগ্ৰ অঞ্চলবাসীক।

আৰক্ষীৰ সূত্ৰৰ মতে, শুক্ৰবাৰে নিশা প্ৰায় ১২ বজালৈকে ঘৰত বিয়াৰ পূৰ্বৰ সকলো ৰীতি-নীতি উলহ-মালহেৰে চলি আছিল। ইয়াৰ পাছতেই দুই ভগ্নী শোভা (২৫) আৰু বিমলা (২৩)ই শুবলৈ যায়। পুৱতি নিশা প্ৰায় ৪ বজাত তেওঁলোকৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে। পৰিয়ালৰ লোকে ততাতৈয়াকৈ তেওঁলোকক এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তাত দুয়োকে মৃত ঘোষণা কৰে।

image 54
কেইটামান ঘণ্টা পাছতে বিয়া! কিন্তু তাৰ পূৰ্বেই ৰহস্যজনকভাৱে উদ্ধাৰ দুই ভগ্নীৰ মৃতদেহ 2

চিকিৎসালয়ৰ পৰা মৃতদেহ ঘৰলৈ ওভতাই আনি পৰিয়ালে অন্তিম সংস্কাৰৰ প্ৰস্তুতি চলোৱাৰ সময়তে আৰক্ষীৰ এটা দল উপস্থিত হৈ কাৰ্যসূচী বন্ধ কৰি দিয়ে। আৰক্ষীয়ে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱাৰ লগতে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। এডিচিপি ৰোচন মীনাই জনোৱা মতে, কোনো চুইচাইড নোট উদ্ধাৰ হোৱা নাই যদিও প্ৰাৰম্ভিক তদন্তত এয়া বিষপান কৰি কৰা আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰা হৈছে।

Leave a Comment