খুলশালীয়েকৰ এটা সপোনৰ বাবেই ৭ বছৰীয়া নৰকবাস ভিনিহিয়েকৰ! অৱশেষত দোষমুক্ত

নিউজ ডেস্কঃ কিশোৰী খুলশালীয়েকৰ এটা বেয়া সপোনৰ বাবেই সাতকৈ বছৰ কাৰাগাৰৰ কুঠৰীত কটাবলগীয়া হ’ল এজন ব্যক্তিয়ে। হেৰুৱাবলগীয়া হ’ল সমাজত অৰ্জন কৰা সন্মান, মৰ্যাদাও। কিন্তু সাত বছৰীয়া আইনী যুঁজৰ শেষত অৱশেষত অতি নাটকীয়ভাৱে অন্ত পৰিল এই ভয়ংকৰ কাণ্ডৰ। যৌন নিৰ্যাতনৰ মিছা গোচৰত কাৰাবাস খাটি সমাজত চৰম অপমানিত হোৱা বিমানবন্দৰৰ এজন কৰ্মীক অৱশেষত স সন্মানেৰে মুক্তি দিয়ে আদালতে।

উল্লেখ্য যে, ৭ বছৰ আগতে ভিনিহিয়েকৰ বিৰুদ্ধে ধৰ্ষণৰ চেষ্টাৰ গোচৰ তৰিছিল ১৫ বছৰীয়া কিশোৰীগৰাকীয়ে। কিন্তু শেহতীয়াকৈ তেওঁ আদালতত চাঞ্চল্যকৰ স্বীকাৰোক্তি দি কয় যে ভিনিহিয়েকে তেওঁক বাস্তৱত নহয়, কেৱল সপোনতহে স্পৰ্শ কৰিছিল।

২০১৯ চনৰ ২৯ ছেপ্টেম্বৰত ১৫ বছৰীয়া শ্যালিকাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ভুক্তভোগী বিমানবন্দৰ কৰ্মীজনক গ্ৰেপ্তাৰ কৰিছিল। কিশোৰীগৰাকীয়ে তেতিয়া দাবী কৰিছিল যে নিশা শুই থকা অৱস্থাত ভিনিহিয়েকে তেওঁক জোৰকৈ গবা মাৰি ধৰি যৌন নিৰ্যাতন চলাইছিল। এই অভিযোগৰ পাছতে কৰ্মীজনে ১৯ দিন কাৰাগাৰত কটাব লগা হৈছিল আৰু দীৰ্ঘদিন ধৰি আইনী যুঁজত সৰ্বস্বান্ত হৈছিল।

image 22
খুলশালীয়েকৰ এটা সপোনৰ বাবেই ৭ বছৰীয়া নৰকবাস ভিনিহিয়েকৰ! অৱশেষত দোষমুক্ত 2

বিচাৰ প্ৰক্ৰিয়াৰ অন্তত যেতিয়া কিশোৰীগৰাকী আদালতত উপস্থিত হ’ল, তেতিয়া তেওঁ নিজৰ ভাষ্য সম্পূৰ্ণৰূপে সলাই পেলালে। কিশোৰীগৰাকীয়ে কয়, “মই সপোনতহে দেখিছিলোঁ যে ভিনদেউৱে মোক নিৰ্যাতন কৰিছে, বাস্তৱত একো হোৱা নাছিল।’’ কোনো তথ্য-প্ৰমাণ নথকাৰ বাবে আদালতে অৱশেষত ব্যক্তিজনক নিৰ্দোষী সাব্যস্ত কৰে।

আদালতৰ এই ৰায়দানৰ পাছত ব্যক্তিজনে হেৰুওৱা সন্মান আৰু ৭ বছৰীয়া সংগ্ৰামৰ এক যন্ত্ৰণাদায়ক অন্ত পৰিল। বিনা অপৰাধত কাৰাবাস খাটাৰ লগতে চাকৰি আৰু সামাজিক স্থিতি হেৰুওৱা এই ভুক্তভোগী কৰ্মীজনে অৱশেষত ন্যায় পালে যদিও জীৱনৰ গুৰুত্বপূৰ্ণ সময়খিনি ঘূৰাই পোৱাটো অসম্ভৱ হৈ পৰিছে।

Leave a Comment