অসমীয়াৰাষ্ট্ৰীয়

হৃদয় বিদাৰক! বিদ্যালয়ৰ উন্মুক্ত চেপ্টিক টেংকত পৰি মৃত্যু কণমানিৰ, ৩ জনক গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ বিদ্যালয়ৰ চেপ্টিক টেংকত পৰি কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল এটি কণমানিয়ে। তামিলনাডুৰ বিলুপুৰম জিলাৰ এখন বিদ্যালয়ত সংঘটিত এই মৰ্মান্তিক ঘটনাৰ পিছতে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

জানিব পৰা মতে, শুকুৰবাৰে বিলুপুৰম জিলাৰ ছেইণ্ট মেৰী’জ মেট্ৰিক হায়াৰ চেকণ্ডাৰী স্কুলৰ এল কে জিৰ এগৰাকী কণমানি ছাত্ৰীয়ে উন্মুক্ত চেপ্টিক টেংকত পৰি প্ৰাণ হেৰুৱাবলগীয়া হয়। নিহত কণমানিটিৰ নাম লিয়া লক্ষ্মী বুলি জানিব পৰা গৈছে।

এই ঘটনাৰ পিছতে আৰক্ষীয়ে তদন্ত চলাই বিদ্যালয়খনৰ কৰ’ছপণ্ডেণ্ট, প্ৰধান শিক্ষক আৰু এজন শ্ৰেণী শিক্ষকক গ্ৰেপ্তাৰ কৰে।

child died

পৰিয়ালৰ সূত্ৰ অনুসৰি লিয়া লক্ষ্মীয়ে বাথৰুমৰ পৰা উভতি অহাৰ সময়ত চেপ্টিক টেংকৰ শেলুৱৈ ধৰা পিচল ঢাকনিখনত ভৰি দিয়াত পিচল খাই চেপ্টিক টেংকত পৰি যায়। বহু সময় ধৰি ছাত্ৰীগৰাকী শ্ৰেণীকোঠালৈ উভতি নহাত বিদ্যালয়ৰ শিক্ষক আৰু আনসকলে বিচাৰ খোচাৰ আৰম্ভ কৰে।

ইয়াৰ পিছত চেপ্টিক টেংকৰ পৰা শিশুটিক উদ্ধাৰ কৰি হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

ঘটনাৰ পিছত বিদ্যালয় পৰিচালনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত শিশুটিৰ পৰিয়াল আৰু স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে শিশুটিৰ মৃত্যুত শোক প্ৰকাশ কৰি পৰিয়ালটোৰ বাবে ৩ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *