নিউজ ডেস্কঃ মধ্য প্ৰদেশৰ ৰাটলামৰ পি এণ্ড টি কলনীত দেওবাৰে এখন বেটাৰী চালিত ইলেক্ট্ৰিক স্কুটাৰ বিস্ফোৰণৰ ফলত মৃত্যু ঘটে এটি ১১ বছৰীয়া কণমানিৰ। অৱসৰপ্ৰাপ্ত ৰে’ল কৰ্মী ভাগৱতী লাল মৌৰ্যৰ দুমহলীয়া ঘৰত স্কুটিখন চাৰ্জ কৰি থকাৰ সময়তে সংঘটিত হয় এই ভয়াবহ দুৰ্ঘটনা।
স্কুটীখনত সংঘটিত বিস্ফোৰণৰ পিছতে সমগ্ৰ ঘৰটো আগুৰি ধৰে জুইৰ লেলিহান শিখাই। ইফালে এই বিস্ফোৰণৰ শব্দ্ শুনাৰ পিছতে তাতাতৈয়ৈকে ঘটনাস্থলীত উপস্থিত হয় ওচৰ-চুবুৰীয়া। কিছু সময় পিছতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ দলো উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে।
বিস্ফোৰণৰ সময়ত ঘৰৰ তলৰ মহলাত ৰখা আচবাব আৰু কাষতে ৰখাই থোৱা এখন গাড়ীও জ্বলি যায়। এই দুৰ্ঘটনাত সৰু ভগ্নীৰ জন্মদিন উদযাপনৰ বাবে পিতৃ-মাতৃৰ সৈতে মাতৃৰ ফালৰ পৰা ককাকৰ ঘৰলৈ অহা অন্তৰা চৌধুৰী নামৰ কিশোৰীগৰাকীয়ে প্ৰাণ হেৰুৱায়।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, উদ্ধাৰকাৰী দলে অন্তৰাক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। ইফালে এই দুৰ্ঘটনাটোত অন্তৰাৰ ককাক ভাগৱলী লাল মৌৰ্য আৰু সম্পৰ্কীয় ভগ্নাী লাৱন্যা (১২)ও আহত হয়।
উল্লেখ্য যে, ককাকৰ ঘৰলৈ সৰু ভনী বিধিৰ জন্মদিন উদযাপন কৰিবলৈ পিতৃ-মাতৃৰ সৈতে আহিছিল অন্তৰা। কিন্তু জন্মদিন উদযাপনৰ মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে সংঘটিত হয় এই মৰ্মান্তিক ঘটনা।