অসমীয়ামেঘালয়

শ্বিলঙত ছুৰীকাঘাত কৰি গ্ৰেপ্তাৰ আলী

নিউজ ডেস্কঃ নৱবৰ্ষৰ পহিলা দিনটোতে শ্বিলঙত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা। নৱবৰ্ষ উদযাপনত সকলো ব্যস্ত থকাৰ সময়তে শ্বিলঙৰ গুমটি পাৰ্কিং লটত এজন যুৱকক ছুৰীকাঘাত কৰাৰ অভিযোগত শেহতীয়াকৈ মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ছায়েদিন আলী নামৰ এজন যুৱকক।

আৰক্ষী সূত্ৰ অনুসৰি, পহিলা জানুৱাৰীত কোনো কাৰণত মতানৈক্যৰ সৃষ্টি হোৱাৰ সময়তে দেৱা খাৰকংগাৰ নামৰ ২৩ বৰ্ষীয় যুৱকজনক ছুৰীৰে আক্ৰমণ কৰে ছায়েদিন আলী (২৭) নামৰ যুৱকজনে। এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা যুৱকজন বৰ্তমান শ্বিলঙৰ এন ই আই জি আৰ আই এইচ এম এছত চিকিৎসাধীন হৈ আছে।

ইফালে এই ঘটনাৰ তদন্ত চলাই আৰক্ষীয়ে শ্বিলঙৰ নাংছ’হফাহ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত ছায়েদিনক। আক্ৰমণৰ সঠিক কাৰণ জানিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *