শোকাবহ! ঘৰৰ সমীপত খেলি থাকোতেই গাৰ ওপৰত বাগৰি পৰিল চৌহদৰ পকী দেৱাল, কণমাণিৰ মৃত্যু

নিউজ ডেস্কঃ ঘৰৰ চৌহদৰ পকী দেৱাল খহি গাৰ ওপৰত বাগৰি পৰাৰ ফলত এটি কণমানিৰ কৰুণ মৃত্যু ঘটা ঘটনাই শোকৰ বন্যা নমাইছে বাইহাটা চাৰিআলিৰ ক্ষুদ্ৰ পলহাত।

জানিব পৰা মতে, ক্ষুদ্ৰ পলহা গাঁৱত ভাড়াতীয়া হিচাপে থকা আজিজুৰ ৰহমান আৰু জুপিতৰা বেগমৰ একমাত্ৰ সন্তান কণমানি জুবেইৰ ৰহমানে শুকুৰবাৰে বিয়লি ঘৰৰ সমীপতে খেলি আছিল।

শিশুটিয়ে খেলি খেলি ঘৰৰ সমীপত থকা এটা পৰিয়ালৰ বাসগৃহৰ চৌহদৰ পকী দেৱাল বগাবলৈ চেষ্টা কৰোতেই কেইবাটাও ইটা দেৱালৰ পৰা খহি শিশুটিৰ গাৰ ওপৰত পৰে।

ইটা খহি বুকু আৰু শৰীৰৰ অন্য অংগত গুৰুতৰভাৱে আঘাত পোৱা কণমানি জুবেইৰক লগে লগে পৰিয়াল আৰু স্থানীয় লোকে উদ্ধাৰ কৰি আমিনগাঁৱৰ নাৰায়ণা ছুপাৰ স্পেচিয়েলিটী হাস্পতাললৈ নিয়ে যদিও হাস্পতাল পোৱাৰ পূৰ্বেই শিশুটিৰ মৃত্যু ঘটে।

শিশুটিৰ এনে কৰুণ দুৰ্ভাগ্যজনক মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।