হৃদয় বিদাৰক! খানাপাৰাত নিযুক্তি পত্ৰ গ্ৰহণ কৰি ঘৰলৈ ওভতাৰ পথতে প্ৰচণ্ড দুৰ্ঘটনাত মৃত্যু সদ্য নিযুক্তিপ্ৰাপ্ত উজ্বলৰ…

নিউজ ডেস্কঃ বহু কষ্টৰ মূৰত চৰকাৰী চাকৰিটো লাভ কৰিছিল ২৬ বৰ্ষীয় যুৱকজনে!

ইটো সিটোকৈ কেইবাটাও পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত অৱশেষত এইবাৰ এটকাও ঘোচ নিদিয়াকৈ তেওঁ চাকৰিটো লাভ কৰিবলৈ সক্ষম হৈছিল।

চাকৰি লাভৰ খবৰ শুনি পোহৰ হৈছিল তেওঁৰ মুখখন, আনন্দৰ জোৱাৰ নামিছিল ঘৰখনলৈও।

তৃতীয় বৰ্গৰ হ’লেও এটা চৰকাৰী চাকৰি! সুখী হৈছিল যুৱকজন।

তাৰ পিছতে ২৫ মে’ত বিশাল নিযুক্তি সমাৰোহত বিতৰণ কৰা হয় চাকৰিপ্ৰাপকক নিযুক্তি পত্ৰ।

ছিপাঝাৰৰ এই যুৱকজনেও গুৱাহাটীৰ খানাপাৰালৈ আহে মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা নিযুক্তি পত্ৰ লাভ কৰিবলৈ।

কিন্তু নিয়তিয়ে যেন অন্য এক অধ্যায়হে লিখি থৈছিল যুৱকজনৰ বাবে।

সন্ধিয়া খানাপাৰাত আনন্দমনে নিযুক্তি পত্ৰ গ্ৰহণ কৰি ঘৰলৈ ওভতাৰ পথতে তীব্ৰবেগী ট্ৰাকৰ খুন্দাত কৰুণ মৃত্যু ঘটে সদ্য নিযুক্তিপ্ৰাপ্ত যুৱকজনৰ।

ছিপাঝাৰৰ বৰদৌলগুৰিত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

নিযুক্তি পত্ৰ লৈ ঘৰলৈ ওভতা যুৱকজনৰ বাইকত বিপৰীত দিশৰ পৰা অহা ডব্লিউবি ২৩চি ১১৬১ নম্বৰৰ ট্ৰাকখনে প্ৰচণ্ড জোৰে খুন্দা মাৰে।

এই ভয়ংকৰ দুৰ্ঘটনাতে প্ৰাণ হেৰুৱায় ছিপাঝাৰৰ ককাইতোলৰ ২৬ বৰ্ষীয় উজ্বল নাথে।

চাকৰি লাভৰ আনন্দৰ মাজতে এনেদৰে উজ্বলৰ অকাল মৃত্যুৱে শোকদগ্ধ কৰি তুলিছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসীক।