নিউজ ডেস্কঃ সংকটজনক ৰোগীক হাস্পতাললৈ নি থকা এম্বুলেন্সৰ পথ অৱৰোধ কৰাৰ অভিযোগত আটক হ’ল এজন চিকিৎসক। কেৰালাৰ কন্নুৰ জিলাৰ থালাছেৰীৰ এৰানহোলী অঞ্চলত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় এই ঘটনা।
আৰক্ষীয়ে প্ৰকাশ কৰা মতে, নয়নাৰ ৰোডত এজন সংকটজনক ৰোগীক লৈ হাস্পতাল অভিমুখে গৈ আছিল এম্বুলেন্সখন। কিন্তু সেই সময়তে এই চাৰিচকীয়া বাহনে এম্বুলেন্সখনৰ সন্মুখলৈ আহি পথ অৱৰোধ কৰে। এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
এম্বুলেন্সৰ চালকজনে অভিযোগ কৰা অনুসৰি, তেওঁ বাৰাম্বাৰ চাইৰেন বজোৱাৰ পিছতো এম্বুলেন্সখন যাবলৈ বাট এৰি দিয়া নাছিল ব্যক্তিজনে। যাৰ বাবে দীৰ্ঘসময় ধৰি সংকটজনক ৰোগীৰ সৈতে এম্বুলেন্সখন একে ঠাইতে ৰৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।
ইফালে চালকৰ এই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে আটক কৰিছে ৰাহুল ৰাজ নামৰ চিকিৎসকজনক। জানিব পৰা মতে, ইৰিটি অঞ্চলত এখন ব্যক্তিগত ক্লিনিক চলায় অভিযুক্তজনে।
অন্যহাতে পথ অৱৰোধ কৰাৰ অভিযোগত চিকিৎসকজনক ৫ হাজাৰ টকাৰ জৰিমনাও বিহা হৈছে।