হৃদয় বিদাৰক! অঘৰী কুকুৰৰ জাকৰ আক্ৰমণে প্ৰাণ কাঢ়ি নিলে খেলি থকা কণমানি ইকৰানাৰ…

অঘৰী কুকুৰৰ আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হ’ল এটি কণমানিয়ে। নৱবৰ্ষৰ আৰম্ভণিতে এই শোকাবহ ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ আলৱাৰ জিলাৰ খাইৰতাল অঞ্চলৰ কিৰোৰী গাঁৱত। ঘৰৰ কাষৰ মুকলি পথাৰত খেলি থকাৰ সময়তে অঘৰী কুকুৰৰ জাকৰ আক্ৰমণত কৰুণ মৃত্যু ঘটে ইকৰানা নামৰ এটি সাত বছৰীয়া কন্যা শিশুৰ।

জানিব পৰা মতে, বুধবাৰে বিয়লি সমনীয়াৰ সৈতে ঘৰৰ কাষৰ খেল পথাৰত খেলিবলৈ গৈছিল ইকৰানাই। কিছু পলমকৈ শিশুটিয়ে ঘৰলৈ উভতিবলৈ লোৱাৰ সময়তে ৬-৭ টা কুকুৰৰ এটা জাকে শিশুটিক চৌদিশৰ পৰা ঘেৰি আক্ৰমণ কৰে।

কুকুৰৰ আক্ৰমণত তেজেৰে তুমুৰলি হৈ পৰা ইকৰানাৰ চিঞৰ শুনি ওচৰতে কাম কৰি থকা কেইজনমান কৃষকে দৌৰি আহি শিশুটিক কুকুৰৰ জাকৰ মাজৰ পৰা উদ্ধাৰ কৰি লগে লগে খাইৰতাল চেটেলাইট হাস্পতাললৈ লৈ যায়। কিন্তু হাস্পতাল পোৱাৰ পিছতে চিকিৎসকে মৃত ঘোষণা কৰে শিশুটিক।

গাঁওবাসীয়ে জনোৱা মতে, এই অঘৰী কুকুৰে ইয়াৰ পূৰ্বেও অঞ্চলটোৰ পশুধনক আক্ৰমণ কৰি আহিছে। কিন্তু এতিয়া মানুহৰো প্ৰাণ কাঢ়িবলৈ লোৱাত আতংকিত হৈ পৰিছে অঞ্চলবাসী। ইফালে কুকুৰৰ আক্ৰমণ সন্দৰ্ভত প্ৰশাসনক বহুবাৰ অৱগত কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি অভিযোগ কৰে স্থানীয় নিৱাসীয়ে। ইকৰানাৰ নৃশংস মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

Leave a Comment