অসমীয়াঅসম

খাকী পোছাকত আকৌ দাগ! উপায়ুক্তৰ কনভয়ৰ খুন্দাত প্ৰাণ গ’ল অয়নৰ, গাড়ীত উদ্ধাৰ সুৰাৰ বটল…

নিউজ ডেস্কঃ এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক দুৰ্ঘটনাক লৈ অনেক সন্দেহৰ সূত্ৰপাত ঘটিছে আৰক্ষীৰ ওপৰত।

ভিন্ন দৃষ্টিকোণৰ পৰা বিভিন্নজনে বিশ্লেষণ কৰা এই দুৰ্ঘটনাত প্ৰতিবাৰেই দাগ লাগিছে কেইবাগৰাকীৰ শীৰ্ষ আৰক্ষী বিষয়াৰ নামত।

আৰক্ষীৰ ভূমিকাক লৈ উত্থাপন হোৱা এনে বহু প্ৰশ্নৰ মাজতে এইবাৰ মাজুলীতো আৰক্ষীৰ খাকী পোছাকত লাগিল দাগ।

মাজুলীত অতিৰিক্ত উপায়ুক্তৰ কনভয়ৰ বাহনৰ খুন্দাত এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু ঘটাৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

image 67

পিছত দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ ভিতৰৰ পৰা স্থানীয় ৰাইজে উদ্ধাৰ কৰিলে সুৰাৰ বটল।

শুকুৰবাৰে মাজুলীৰ বৰগুৰি চাৰিআলিত সংঘটিত হৈছিল এই দুৰ্ঘটনা।

অষ্টম শ্ৰেণীৰ ছাত্ৰ অয়নজ্যোতি বণিয়াই আন এজন সহপাঠীৰ সৈতে দোকানলৈ অহাৰ সময়তে তীব্ৰ বেগত অহা অতিৰিক্ত উপায়ুক্তৰ কনভয়ৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই কিশোৰ দুজনক খুন্দা মাৰি পথৰ দাঁতিত লুটি খাই পৰে।

image 69

এই দুৰ্ঘটনাত অয়নৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় আনজন সহপাঠীও।

দুৰ্ঘটনাক কেন্দ্ৰ সমগ্ৰ অঞ্চলটোত উত্তেজনাই বিৰাজ কৰাৰ সময়তে অতিৰিক্ত উপায়ুক্তৰ এই বাহনখনৰ ভিতৰৰ পৰা উদ্ধাৰ হয় দুটাকৈ সুৰাৰ বটল।

image 68

খাকী পোছাকধাৰী আৰক্ষীয়ে সুৰাপান কৰি গাড়ী চলোৱাৰ পৰিণতিতেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি দাবী কৰিছে স্থানীয় ৰাইজে।

‘সুৰাপান কৰি গাড়ী নচলাবলৈ’ আনক নীতিপাঠ পঢ়ুওৱা খোদ আৰক্ষীয়ে নিজেই সুৰাপান কৰি গাড়ীৰে মহতিয়াই এজন ছাত্ৰক নিহত কৰাৰ ঘটনাই ক্ষুব্ধ কৰি তুলিছে পৰিয়ালৰ লগতে অঞ্চলবাসীক।

image 70

আৰক্ষীৰ ওপৰত লগা ইটোৰ পিছত সিটো চেকাই স্বাভাৱিকতে আৰক্ষীৰ ওপৰত সাধাৰণ জনতাৰ আস্থাও ম্লান কৰি তুলিছে।