নিউজ ডেস্কঃ ভাৰতীয় সেনা- কেৱল এক নাম, এয়া হৈছে প্ৰতিজন ভাৰতীয়ৰ বুকুৰ সাহস। সীমান্তত অতন্ত্ৰ প্ৰহৰী হৈ দেশবাসীক সুৰক্ষিত কৰা ভাৰতীয় সেনা জোৱানৰ আন মানৱীয় কামেও বাৰে বাৰে জয় কৰি আহিছে ভাৰতীয়ৰ অন্তৰ। তেনে এক মানৱীয় নিদৰ্শনেৰেই পুনৰ এবাৰ উজ্বলি উঠিল ভাৰতীয় সেনা। পিতৃহাৰা এগৰাকী কন্যাক পিতৃৰ অভাৱ অনুভৱ হ’বলৈ নিদিয়াকৈ বিয়াৰ কন্যাদান কৰিলে পিতৃৰ ২৪ গৰাকী সহকৰ্মীয়ে।
২৩ বছৰ পূৰ্বে দেশৰ বাবে প্ৰাণ আহুতি দিয়া ছহিদ ভাগীৰথ কড়ৱাছৰাৰ কন্যা সুস্মিতাৰ বিবাহত তেওঁৰ সতীৰ্থ জোৱানসকলে ‘পিতৃ’ৰ ৰূপত উপস্থিত থাকি সকলো সামাজিক ৰীতি-নীতি সম্পন্ন কৰে। এই বিৰল দৃশ্যই ৰাজস্থানৰ মেৰ্টা জিলাৰ কড়ৱাছৰো কি ধানী গাঁৱৰ প্ৰতিজন লোকৰ চকু সেমেকাই তোলে।

উল্লেখ্য যে, ১৯৯৫ চনত ১৩ গ্ৰেনেডিয়াৰ্ছত ভৰ্তি হোৱা ভাগীৰথ কড়ৱাছৰাই ২০০২ চনৰ ৮ জুনত অসমৰ মিলনপুৰ গাঁৱত সন্ত্ৰাসবাদীৰ সৈতে যুঁজি বীৰগতি প্ৰাপ্ত কৰিছিল।
সেই সময়ত তেওঁৰ সতীৰ্থ জোৱানসকলে ছহিদগৰাকীৰ পৰিয়ালক কথা দিছিল যে তেওঁৰ কন্যাৰ প্ৰতিটো সুখৰ মুহূৰ্তত তেওঁলোকে পিতৃৰ দৰে ছাঁ হৈ থাকিব। শনিবাৰে সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি ১৩ গ্ৰেনেডিয়াৰ্ছ বেটেলিয়নৰ জোৱানসকলৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া সুস্মিতাৰ বিবাহত উপস্থিত হয়।

কইনা সুস্মিতাক কোলাত উঠাই অনাৰ পৰা আদি কৰি কন্যাদান আৰু বিয়াৰ প্ৰতিটো দায়িত্ব এই ২৪ গৰাকী জোৱানে পালন কৰে। বিদায়ৰ সময়ত জোৱানসকলৰ চকুৰ পানী দেখি উপস্থিত আলহী-অতিথি সকলোৱে ভাৰতীয় সেনাৰ এই ভাতৃত্ববোধৰ শলাগ জনায়।

ছহিদগৰাকীৰ পত্নী সন্তোষ দেৱীৰ মতে, তেওঁৰ স্বামী গৈছে যদিও সেনাৰ এই বৃহৎ পৰিয়ালটো আজিও তেওঁলোকৰ সৈতে পিতৃ আৰু ভাতৃৰ দৰে থিয় দি আহিছে।









